Ek Dui Tini Sari Lyrics | Jayanta Hazarika

Published on March 9, 2020

Song: Ek Dui Tini Sari (এক দুই তিনি চাৰি)

Singer: Jayanta Hazarika

Ek Dui Tini Sari Lyrics
Ek Dui Tini Sari Lyrics

Ek Dui Tini Sari Lyrics:—

এক দুই তিনি চাৰি
যুতি দিলো গৰু গাড়ী
অ’ দেখিছা নে হাতীয়ে চলায়
দেখিছা নে হাতীয়ে চলায়
হাতীয়ে চলায়

এক দুই তিনি চাৰি
যুতি দিলো গৰু গাড়ী
অ’ দেখিছা নে হাতীয়ে চলায়
দেখিছা নে হাতীয়ে চলায়

হাতীয়ে চলায়

হাতীয়ে চলায়

অ’ গাৰোৱান নাই.
তাতে কি হ’ল অ’ …

অ’ গাৰোৱান নাই.
তাতে কি হ’ল অ’…
আছে ম’নটি হুচিয়াৰ
বজ্ৰ গতিত গাড়ী চলি যায়
বজ্ৰ গতিত গাড়ী চলি যায়
গাড়ী চলি যায়

গাড়ী চলি যায়

ইখন দোলা এৰি আমি
সিখন দোলা পাওঁ
চাউল-দালীত শিল মিলোৱা
দেখি আমি জুমি
জুমি কঠালগুৰি পাওঁ
চবৰে দোকান সোমাওঁ!

অ’…!

অ’ মহাজনৰ হাতখন দীঘল অ’.
সি যে কাৰেং ঢুকি পায়
স্ব-সাহতে টোকাৰী বজায়
স্ব-সাহতে টোকাৰী বজায়
গাড়ী চলি যায়

গাড়ী চলি যায়

সৌৱা দেখোন ককা দেউতাই আইতাৰে সতে
কাণে কাণে কথা পাতে!
দেখি ভাৱো ভালতো নহয় এইবোৰ য’তে-ত’তে!
নেদেখি হঠাতে .

অ’…

অ’ ভয় নকৰো আমি কাকো অ’.
কোনে আমাক ঢুকি পায়?
বৃকোদৰ আমাৰ সহায়!
বৃকোদৰ আমাৰ সহায়!

এক দুই তিনি চাৰি
যুতি দিলো গৰু গাড়ী
অ’ দেখিছা নে হাতীয়ে চলায়
দেখিছা নে হাতীয়ে চলায় ৷৷
এই আকাশ বৰ বিশাল
এই পথাৰ বৰ ৰসাল,
তেৱো কিয় লাগে উকা
তেৱো কিয় লাগে উকা
মোৰ মন পথাৰতে
তই ৰ’বি হৈ জীপাল….

আহ… উৰি আহ….
অ’ সজল মেঘ,
চা… জুমি চা…
অ’ কোমল মেঘ
মন আকাশ বৰ বিশাল
মোৰো হৃদয় বৰ ৰসাল….

জুৰি বয় নদীলৈ
নদী যায় সাগৰলৈ,
বনফুল চুবলৈ
কোন যায় বতাহে হৈ….

তই নদী হৈ আহ কাষলৈ,
মন সাগৰৰ
পথ আহি বোল,
মন সাগৰ বৰ বিশাল
মোৰো হৃদয় বৰ ৰসাল
তেৱো কিয় লাগে উকা…