Kar Gharor Lakhimi Lyrics | Bhupen Hazarika

Song: Kar Gharor Lakhimi (কাৰ ঘৰৰ লখিমী)

Singer: Bhupen Hazarika

Kar Gharor Lakhimi Lyrics
Kar Gharor Lakhimi Lyrics


Kar Gharor Lakhimi Lyrics:---


কাৰ ঘৰৰ লখিমী ঘৰলৈ উভতিছে
কাৰ ঘৰ সজাই-পৰাই কোনে বাট চাইছে !
কাৰ ঘৰত মেটমৰা কʼলা ধন বিজাৰিছে
কাৰো ঘৰত অভাৱে জীৱন জোকাৰিছে।
কাৰো ঘৰত নোপোৱাৰ চকুলো সৰিছে।

কোনোবাই কাৰেং সাজি বিদ্যা আলয় পাতিছে ;
অভিজাতৰ দুলালসৱে ৰঙৰ খেলা খেলিছে।
কাৰোবাৰ পঢ়াশালিৰ জঁকা ভাগি পৰিছে
দুখীয়াৰ ছৱালে তাতে বিয়োগ অংক শিকিছে;
কাৰোবাৰ সোণৰ সজাত ঈশ্বৰ বন্দী হৈছে
দুখীয়াৰ থাপনাতে শলিতা কঁপিছে ।

আমি যেন একোটি বনহংস
উৰি উৰি বিছাৰিছোঁ নিজ সত্তা
খাদ্য শান্তি আৰু নিৰাপত্তা ;
উৰিছোঁ উত্তৰ দক্ষিণ কোণে
উৰিছোঁ পূৱ আৰু পশ্চিম কোণে
উৰি উৰি আহোঁ ছাইবেৰিয়ালৈ
উৰি উৰি আহোঁ আমি তিব্বতলৈ
উৰি ঘূৰি আহোঁ প্ৰাগজ্যোতিষলৈ ।

আমি যেন একোটি বনহংস
আমিতো বিছৰা নাই কাৰো ধ্বংস।
বিছাৰিছোঁ কিছু শান্তিৰ অংশ
বনহংস ! বনহংস !! বনহংস !!!

Post a Comment

Previous Post Next Post

Contact Form