Sile Sile Theka Khale Lyrics By Arati Mukherjee

Song: Sile Sile Theka Khale (শিলে শিলে ঠেকা খালে)

Film: Aranya

Singer: Arati Mukherjee

Lyrics: Keshab Mahanta

Music Director: Sudhin Dasgupta


Sile Sile Theka Khale Lyrics
Sile Sile Theka Khale Lyrics

Sile Sile Theka Khale Lyrics:--

[শিলে শিলে ঠেকা খালে
নিজৰাৰে পানী
এছেৰেঙা ৰঙা ৰ’দে
(ৰং দিলে সানি) ×৩] ×২

(বৰণীয়া বনৰীয়া আলসুৱা ফুলে
হালি জালি মন ধালি
কিনো কথা ক’লে) ×২
মনে যে বিচাৰে মন
কোনে দিব আনি...?
এছেৰেঙা ৰঙা ৰ’দে
(ৰং দিলে সানি) ×৩

(বুকু জুৰ তুমি দূৰ
দূৰণিৰ ৰিং
মই নামনিৰ ঢৌ
তুমি ওখ টিং) ×২
(টিঙে টিঙে কাৰ ৰিঙে
তুলি গ’ল ঢৌ
কাণে কাণে কাৰ গানে
বৰষিলে মৌ) ×২
নাচনী নিজৰা জনী
কাৰ পাটৰাণী
এছেৰেঙা ৰঙা ৰ’দে
(ৰং দিলে সানি) ×৩
শিলে শিলে ঠেকা খালে
নিজৰাৰে পানী
এছেৰেঙা ৰঙা ৰ’দে
(ৰং দিলে সানি) ×৩



Post a Comment

Previous Post Next Post

Contact Form