Melani Belar Bidai Logon Lyrics By Bishnu Prasad Rabha

Song: Melani Belar Bidai Logon (মেলানি বেলাৰ বিদায় লগন)

Singer: Bishnu Prasad Rabha

Melani Belar Bidai Logon Lyrics
Melani Belar Bidai Logon Lyrics

Melani Belar Bidai Logon Lyrics:---

মেলানি বেলাৰ বিদায় লগন
যেতিয়া আহিব চাপি,
উঠিবনে প্ৰিয়ে তেতিয়া এবাৰ
হৃদয় তোমাৰ কঁপি?

বিদায় ক্ষণত থাকিলে নীৰৱ
পাবা একোটি আভাস,
সেই আভাসে মোৰ হৃদয়ৰে
শেষ মিনতিৰ শ্বাস ।

গধূলি বেলিকা দেৱ নাম লিখা
যেতিয়া মেলিবা পুথি,
সন্ধিয়া আৰতি জ্বালি দীপ-বন্তি
গাবা নাম মালা গাঁথি,

দেৱ নাম পাহৰি মোৰ নাম সুঁৱৰি
ল’বানে এবাৰ জপি?

Post a Comment

Previous Post Next Post

Contact Form