Bilati Cinema | Ridip Rankit | Album - Dhemali 2020

Song - Bilati cinema
Singer-Ridip Rankit
Lyrics & tune - Ridip Rankit,  Ramen Danah, Madhab ranjan

এৰাবাৰী ঢেঁকীয়া
চিঙি আনোং এমোঠা
এৰাবাৰী ঢেঁকীয়া
চিঙি আনোং এমোঠা.

হায় ঐ ৰ'দত পৰিল ক'লা
খাই নেপালোং এ মজা
আছিল মোৰ প্ৰেমিকা
এৰিদিলোং সিদিনা.

হায় ঐ এটা লগত দেখি
প্ৰেমৰ বিলাতী চিনেমা
হায় ঐ কিনো কম কাহিনী
হায় ঐ কোনে পাব বুজি
হায় ঐ লগৰ বোৰক কলে
হায় ঐ কৰে ফিচিঙালি
কৰে ফিচিঙালি মোক.

ঐ দেউতাই গালি পাৰে
চিঞৰি ঐ চিঞৰি
ঘুৰি ফুৰি তই ধদুৱা হলি
ধিতিঙালি মাৰি
মাই ভয়ে কৰে
ভিতৰি ঐ কিজানি
এজনী চপাই দুদিনৰ পাছত
বেলেগ হৈ যাম বুলি.

হায় ঐ কিনো কম কাহিনী
হায় ঐ কোনে পাব বুজি
হায় ঐ ভনী জনীক কলে
তাইও কৰে ভেঙুচালি
কৰে ভেঙুচালি মোক.

দেহা মোৰ ঐ
হ'লো মই মদাহী
দেহা মোৰ ঐ
তোৰে প্ৰেমত পৰি
দেহা মোৰ ঐ
এনে কিনো পালি
দেহা মোৰ ঐ
যিটো মোৰ নাপালি.

পুৰণি মৰমে
কলিজা কামোৰে
বুজনি দিওঁতাজে নাই.

হায় ঐ কিনো কম কাহিনী
হায় ঐ কোনে পাব বুজি
হায় ঐ কোনোৱে নোসোধে
কিয় কৰো বলিয়াৰি
কৰো বলিয়াৰি মই.

Post a Comment

Previous Post Next Post

Contact Form