Horuphool Song Lyrics
Horuphool Song Lyrics
মোৰে ধনচেং ঐ
মোৰে মনচেং ঐ
লুইতৰ চাপৰিত সৰিয়হ ফুলিলে ঐ
মোৱা পোকে বেৰি বেৰি খায়
অ’ মোৰে চেনাই ঐ
মন পথাৰতে ঐ
চেনেহবোৰ ফুলিছে ঐ
মৰহি মলঙি যায়।
ৰৈ ৰৈ ৰৈ শালিকী চৰায়ে
ৰৈ ৰৈ ৰৈ কিৰিলি পাৰিছে
ৰৈ ৰৈ ৰৈ ৰৈ গছৰ গুটি খাবলৈ পায়
ৰৈ ৰৈ ৰৈ আমি অসমীয়াই
ৰৈ ৰৈ ৰৈ ধেমালি কৰিছোঁ
ৰৈ ৰৈ ৰৈ ৰৈ ব’হাগৰ বিহুটি পায়
ধুমুৰনো ধুমুৰ কৰি কেঁচা মৰম চেঁচা নৈ
খুন্দোনো পিঠাগুড়ি কেঁচা মৰম চেঁচা নৈ
ধুমুৰনো ধুমুৰ কৰি কেঁচা মৰম চেঁচা নৈ
খুন্দোনো পিঠাগুড়ি কেঁচা মৰম চেঁচা নৈ
জুটুলি ঐ নাহৰৰ খৰি ঐ হে হেই
কেঁচা মৰম চেঁচা নৈ
মুখৰ মিঠা এঠা দৈ
মিঠা মিঠা তিলৰ পিঠা
অ’ চেনাইটি বুজিবি ঐ বুকুৰে বেথা।
এ থোৰালি থোৰালি এ ধানৰে গজালি ঐ
ঐ মুঠি বান্ধি ভাঙি যাওঁ নৰা
ঐ থুৰিয়াই থুৰিয়াই দি যাওঁ তামোল কাটি ঐ
ঐ চেনাই হাতে মেলি ধৰা
ঐ লিচিপ ও চিপৌ চি এক অনা চিপ
কেহকলি নিকলি কপাহ সূতা মুকলি
ঠেহপাতি নাখালি ভাত
এপুৰা সেন্দুৰৰ যোৰ ফোট মাৰিলোঁ
মুগা ৰিহা মেৰালো গাত
ঐ সৰুফুল ঐ
সৰু সৰু বেঙেনাৰ পাত
হে ডাঙৰফুল ঐ
ডাঙৰ ডাঙৰ বেঙেনাৰ পাত
এ আমাৰে নাচনী নাচিছে এতিয়া
ৰিহা নাইকীয়া গাত।
ঐ এইবেলি বিহুটি লৰকে ফৰকে
ওপৰে টানিলে খৰ
অ’ আমাৰ বিহুৰে নাচনী
নৰিয়াত পৰিলে
ঢুলীয়া পৰিলে জ্বৰত লগৰীয়া
নাচনী নৰিয়াত পৰিল
ঐ আকৌ লগৰীয়া কালিৰে পৰা
ভাতে নাইকীয়া আমাৰে ঢুলীয়াৰ
কাছুটি সুলকি পৰিল ।