Krishnachura Lyrics | কৃ্ষ্ণচূড়া | Jayanta Hazarika

Published on February 17, 2020

Song: Krishnachura (কৃ্ষ্ণচূড়া)

Singer: Jayanta Hazarika

Krishnachura Lyrics
Krishnachura Lyrics

Krishnachura Lyrics:—-

কৃ্ষ্ণচূড়া, কৃ্ষ্ণচূড়া
কৃ্ষ্ণচূড়া তোমাৰ প্ৰাণৰ
ৰঙেৰে মোৰ জীৱন
এবাৰ ৰঙাই তোলা

মোৰ জীৱনৰ বকুল বনৰ
ফুল সৰি সৰি গ’ল
মোৰ যে মনৰ শিমলু তুলা
উৰি উৰি নুৰা হ’ল

কেতেকী তোমাৰ বিননি
আৰু নুশুনাবা
এজাৰ তোমাৰ ব্য়থাৰে জীৱন
নোবোলাবা

নিদাঘৰ দাহে শুকালে যি
নৈৰ ধাৰা 
বৰষা তোমাৰ দানেৰে
আকো উপচাই নিয়া
কোনোবা খিনিত কি যে হেৰুৱালো
সি কথা মনত নেপেলাবা