Sonali Monor Malikoni Lyrics | সোণালী মনৰ মালিকণী | Zubeen Garg

Published on February 13, 2020

Song: Sonali Monor Malikoni (সোণালী মনৰ মালিকণী)

Singer: Zubeen Garg

Sonali Monor Malikoni Lyrics
Sonali Monor Malikoni Lyrics

Sonali Monor Malikoni Lyrics:—-

সোণালী মনৰ মালিকণী
সোণালী সপোন দিয়া আনি
চুটি চুটি খোজ দি লাহে লাহে আহিছা
কাজলে মেৰা দুচকু লাজেৰে তুলিছা
ধপ ধপ কৰে বুকু মোৰ
জ্বলে মন মোৰ কৰাহি যুৰ
প্ৰেম অলিয়া বলিয়া মোৰে হিয়া হৈ আতুৰ

তোমাৰ ভাৱনাই বুকুত ভীৰ লগায়
মোৰ দিন ৰাতিৰ চিন চাব নাই
ফাগুনে জিৰোৱা মদাৰ ফুলেও তোমাৰ ছবিকে দেখায়
ধপ ধপ কৰে বুকু মোৰ
জ্বলে মন মোৰ কৰাহি যুৰ
প্ৰেম অলিয়া বলিয়া মোৰে হিয়া হৈ আতুৰ

পথাৰ উপচা যেন শালিদৰা
মোৰ মৰম তোমালৈ অযুত
যৌৱনে বিছাৰে তোমাকে পাবলৈ তোমাক নিচেই কাষত
ধপ ধপ কৰে বুকু মোৰ
জ্বলে মন মোৰ কৰাহি যুৰ
প্ৰেম অলিয়া বলিয়া মোৰে হিয়া হৈ আতুৰ