Debotaio Nubujile Lyrics (দেৱতাইও ও নুবুজিলে)

Published on December 21, 2020


Song: Debotaio Nubujile

Singer: Zubeen Garg

Debotaio Nubujile Lyrics


 দেৱতাইও ও নুবুজিলে 

তোমালোকৰ মন ,

দেৱতাইও ও নুবুজিলে 

তোমালোকৰ মন 

আমি তেনেহ’লে 

কোননো কোৱা 

এই বয়সতে তোমালোকৰ 

মন পাবলে ,

আমি তেনেহ’লে 

কোননো কোৱা 

এই বয়সতে তোমালোকৰ 

মন পাবলে ।

আজিকালি ছোৱালীলৈ 

চাবকে নাপায়

আজিকালি ছোৱালীলৈ 


চাবকে নাপায়

মৰম এজনলে চাৱনি আনলে

দুদিনীয়া মৰম দি

মিছাকৈ কলিজা কপায়

মৰম এজনলে

চাৱনি আনলে

দুদিনীয়া মৰম দি

মিছাকৈ  কলিজা কপায়

AssameseLyrical.com

দীঘল ওৰণি কোনেনো টানি

বাহী চোতাল ঘৰ পুৱাতে সাৰি

গোঁসাই ঘৰতে আশাৰ চাকি

কোনেনো বাৰু জ্বলাব আহি 

আজিকালিৰ ছোৱালীয়ে 

জানিও নাজানে

সঁচা কথা কলে 

জগৰে লাগে

পাম জানো আমি 

বিচাৰিলে আজি 

এই যুগত আছেনে 

কোনোবা সতী সাবিত্ৰী

পাম জানো আমি 

বিচাৰিলে আজি 

এই যুগত আছেনে 

কোনোবা সতী সাবিত্ৰী

আঁচল খহাই মৰম দিয়া 

মৰম নহয় যেন দেহাৰে বেহা

দুদিন গলেই আমনি লগা

মৰম জানো তেনেকুৱা 

আজিকালি ছোৱালীয়ে 

চিনিও নিচিনে

চিনি পালেও 

নোপোৱাৰে ভাওহে ধৰে

কিনো কম আমি 

মাৰিব ফিটাহি

কাউৰীৰে বাহতে 

জুই নলগাও নিকি 

কৈ থলো আজি 

লিখি থবা তুমি 

মৰমে বিচাৰি পাব 

মোৰ সঁচা লগৰী 

দেৱতাইও ও নুবুজিলে 

তোমালোকৰ মন ,

দেৱতাইও ও নুবুজিলে 

তোমালোকৰ মন 

আমি তেনেহ’লে 

কোননো কোৱা 

এই বয়সতে তোমালোকৰ 

মন পাবলে ,

আমি তেনেহ’লে 

কোননো কোৱা 

এই বয়সতে তোমালোকৰ 

মন পাবলে ……