Bhakha Bhora ভাষা ভৰা Lyrics, visit AssameseLyrical.com for more Assamese Lyrics
বিদ্ৰোহী কথা গীত
কাণ পাতি শুনিবৰ শকতি নাই
গুমৰি গুমৰি থকা
জীৱনৰ ভাৰৰাশি
জগতক শুনাবৰ ভাষা নাই
আছে কত ইঙ্গিত
পৰাজয় নাই
আছে নানা সঙ্কেত নাই ভয় নাই
বিজ্ঞানে আগুৱাই যায়
নতুন সভ্য়তাত
বধিৰতা মূকতাৰ কাৰাগাৰ নাই
ভাষাহীন মৃত্য়ুক
মষিমূৰ কৰি থৈ
অগণিত মূকেও জয় গীত গায়
বধিৰতা মূকতাৰ এন্ধাৰ নাই
শিক্ষাৰ জেউতিৰে যাম আগুৱায়
COMMENTS