Bhakha Bhora Lyrics | ভাষা ভৰা

Published on February 17, 2020

Song: Bhakha Bhora (ভাষা ভৰা)

Bhakha Bhora Lyrics:—

ভাষা ভৰা পৃথিৱীৰ

বিদ্ৰোহী কথা গীত

কাণ পাতি শুনিবৰ শকতি নাই

গুমৰি গুমৰি থকা

জীৱনৰ ভাৰৰাশি

জগতক শুনাবৰ ভাষা নাই

আছে কত ইঙ্গিত

পৰাজয় নাই

আছে নানা সঙ্কেত নাই ভয় নাই

বিজ্ঞানে আগুৱাই যায়

নতুন সভ্য়তাত

বধিৰতা মূকতাৰ কাৰাগাৰ নাই

ভাষাহীন মৃত্য়ুক

মষিমূৰ কৰি থৈ

অগণিত মূকেও জয় গীত গায়

বধিৰতা মূকতাৰ এন্ধাৰ নাই

শিক্ষাৰ জেউতিৰে যাম আগুৱায়