Dusokure Nilare (দুচকুৰে নীলাৰে) Lyrics | Zubeen Garg | Mukha

Published on February 13, 2020

Song: Dusokure Nilare (দুচকুৰে নীলাৰে)

Singer: Zubeen Garg

Album: Mukha

Dusokure Nilare Lyrics
Dusokure Nilare Lyrics

Dusokure Nilare (দুচকুৰে নীলাৰে) Lyrics:—


দুচকুৰে নীলাৰে মাজতে ম‍ই আছোনে
তৰা জ্বলা আকাশত নিহাৰিকা ম‍ই নে
ভাৱৰ দাৱৰে তোমাৰ আৱৰেহি মোক প্ৰতিটো প্ৰহৰ

দুচকুৰে নীলাৰে মাজতে তুমি
তৰা জ্বলা আকাশত নিহাৰিকা তুমি
তোমাৰ চকুৰ পোহৰ বিজুলি হৈ চুমেহি মোক

মোৰ পৃথিৱী যেন চিৰ নতুন তুমি এষাৰ মাতিলে
দুচকুৰে নীলাৰে মাজতে তুমি ম‍ই

দোলনি দিলে বুকুতে সেউজীয়া হাহিয়ে
এই হাহি চিৰদিনৰ
প্ৰাণ পালে হেপাহে তোমাৰ উশাহে উশাহে
এই হেপাহ চিৰকালৰ
তোমাৰ হাহিৰে ভৰে প্ৰতিটো পুৱা প্ৰতিটো নিশা
দুচকুৰে নীলাৰে মাজতে তুমি ম‍ই
তৰা জ্বলা আকাশত নিহাৰিকা তুমি ম‍ই

সুন্দৰৰে ৰূপতে মৰমে আহি নামিলে
এই মৰম মোৰ প্ৰাণৰ
সাৰ পালে শবদে নিৰৱে থাকি হঠাতে
এই শবদ মোৰ গানৰ
তোমাৰ বুকু নিগৰি নিগৰি নামে ৰূপহি ফাগুন
দুচকুৰে নীলাৰে মাজতে তুমি ম‍ই
তৰা জ্বলা আকাশত নিহাৰিকা তুমি ম‍ই