Koto Juwanor Mrityu Lyrics | কত জোৱানৰ মৃত্যু | Bhupen Hazarika

Published on February 9, 2020

Song: Koto Juwanor Mrityu (কত জোৱানৰ মৃত্যু)

Singer: Bhupen Hazarika

Koto Juwanor Mrityu Lyrics


Koto Juwanor Mrityu Lyrics:—

কত জোৱানৰ মৃত্যু  

কাৰ জীৱন-যৌৱন গ’ল

সেই মৃত্যু অপৰাজেয়,
তেনে মৃতক নহ’লো মই কিয়
কত জোৱানৰ মৃত্যু হ’ল….

হেনো হিমালয় ভাৰতৰ প্ৰহৰী

তাহানী শুনিছিলো কাহিনী,

পিছে মৃত জোৱান সবে চিঞঁৰিছে
লাগে চিৰ জাগ্ৰত এটি বাহিনী,,
আজি কামেং সীমান্ত দেখিলো
দেখি শত্ৰুৰ পশুত্ব চিনিলো
আৰু মৃত মৌন শত জোৱানলে
মোৰ অশ্ৰু অঞ্জলী যাচিলো
কত জোৱানৰ মৃত্যু হ’ল….

কত পিতৃ পুত্ৰহাৰা হ’ল

কোন মাতৃৰ বুকু শুদা হ’ল

ৰঙা সেন্দুৰ কাৰ মচা গ’ল
কাৰ বাসনা অপূৰ্ণ ৰ’ল
কত জোৱানৰ মৃত্যু হ’ল….

প্ৰতি জোৱান ৰক্তৰে বিন্দু

হ’ল সাহসৰ অনন্ত সিন্ধু,

সেই সাহসৰ দুৰ্জেয় লহৰে
যাচিলে প্ৰতিজ্ঞা জয়ৰে,
আজি কামেং সীমান্ত দেখিলো
দেখি শত্ৰুৰ পশুত্ব চিনিলো,
আৰু মৃত মৌন শত জোৱানলে
মোৰ অশ্ৰু অঞ্জলী যাচিলো,
কত জোৱানৰ মৃত্যু হ’ল
কাৰ জীৱন-যৌৱন গ’ল
সেই মৃত্যু অপৰাজেয়,
তেনে মৃতক নহ’লো মই কিয়
কত জোৱানৰ মৃত্যু হ’ল….