Modarore Phul Henu Lyrics (মদাৰৰে ফুল হেনো)

Published on January 31, 2021

Song: Modarore Phul Henu

Singer: Bhupen Hazarika

Modarore Phul Henu Lyrics

 

মদাৰৰে ফুল হেনো

পূজাতো নেলাগে,

মদাৰৰে ফুল হেনো

সবাহত নেলাগে,

লাগে পিছে ব’হাগতে

ৰং সানিবলে,

লাগে পিছে আকাশতে

জুই জ্বলাবলে,

কোনোবাই মোক হেনো

মদাৰৰে ৰিজালে,

আমাৰ দৰে লোক হেনো

কামে-কাজে নেলাগে,

লাগে পিছে সমাজতে

ৰং সানিবলে,

লাগে পিছে আকাশতে

জুই জ্বলাবলে….

 

 

মদাৰ গছত বগোৱা পাণ

খাবলৈহে ভাল ভাল,

উৰ্ধ্বমুখী পাণ লতাৰ

প্ৰতিজ্ঞাহে ভাল ভাল,

পাণহৈ মদাৰতে

বগোৱাজনহে ভাল ভাল,

কাঁইটতে বুকুৰে তেজ

ঢলাজনহে ভাল ভাল,

মদাৰৰে জুই-শিখা বিছৰাজনকে

বহাগতে মই আজি

যাম পূজিবলে….

 

 

সঁচা সৰু মানুহ যদি

ৰঙা মদাৰ হয়,

মদাৰৰে শিখা যদি

হাতে হাতে লয়,

তেতিয়াহে সমাজ আকাশ

জ্যোতিৰে ভৰিব,

জ্যোতি লাগে এন্ধাৰকে

নাশ কৰিবলে….

 

 

মদাৰ নেলাগে পূজাত

কাৰ পূজা সেয়া,

তেনে পূজা নেচাওঁ আমি

সেই সবাহ বেয়া,

তেনে পুজাত লাগে মিছা

কাগজৰে ফুল,

তাতে কতই মানৱতা

যায় বেছিবলে….

 

AssameseLyrical.com

 

যাৰ পূজাত নৰ-মাংস

সেৰ জোখে কিনে,

কিনি তাতে গোলাপৰে

আঁতৰ কিছু সানে,

যাৰ পূজাত মিছা গৰল

মোনে মোনে আহে,

মাটিৰ জীৱন অমৃতেৰে

যাৰ ৰাহি নাহে,

তেনে লোকক কাঁইটৰে

শয্যা পাতি দিয়া,

দি মদাৰ জুইৰে জ্বলোৱা

মানুহ কৰিবলে….

 

 

কোনোবাই মোক হেনো

মদাৰৰে ৰিজালে

আমাৰ দৰে লোক হেনো

কামে-কাজে নেলাগে ৷