Angaraag Mahanta
Lyrics of Pokhi Pokhi Mon Mur (পখি পখি মন মোৰ) | Angaraag Mahanta (Papon) | Roopjyoti | Rowd
Song: Pokhi Pokhi Mon Mur (পখি পখি মন মোৰ)
Singer: Angaraag Mahanta (Papon) & Roopjyoti
Album/ Movie: Rowd
Lyrics: Raadweep
Composed By: Jatin Sharma

Lyrics of Pokhi Pokhi Mon Mur (পখি পখি মন মোৰ):—
পখি পখি মন মোৰ
উৰি যাব খুজে দূৰ
চিনাকি বাঁহিৰ সুৰ কোনেনো বজাই
উন্মনা মন মোৰ নিয়ে উৰুৱাই……
দুৰু দুৰু কপে মন
কিজে মায়াৱি লগন
এৰি অহা আবেলিক জুমি জুমি চাওঁ
হাঁহিৰে বৰষা তোৰ তাতে ডুবি যাওঁ
পখি পখি মন মোৰ
উৰি যাব খুজে দূৰ
কোমল দুচকুত সপোন শেৱালি
অজান আশা বুকতে মাথো ৰ’দালি
আকাশ চুমেগৈ হেপাহৰে নৈ
তৰা নামে পদূলিত বেলি থাকে ৰৈ
শুৱৰণি ৰ’দালি…….
দুৰু দুৰু কপে মন
কিজে মায়াৱি লগন
এৰি অহা আবেলিক জুমি জুমি চাওঁ
হাঁহিৰে বৰষা তোৰ তাতে ডুবি যাওঁ
দুৰু দুৰু কপে মন
কিজে মায়াৱি লগন
অভিমানি ওত্র পৃথিৱী আকুল
ৰজা-ৰাণী সাওদৰ ন কৈ সাঁজো
দুয়ো হাতে হাত খেলা জগৰ
বাগৰি যায় ক্ষন জীৱন ৰঙৰ
শুৱৰণি ল’ৰালি…..
পখি পখি মন মোৰ
উৰি যাব খুজে দূৰ
চিনাকি বাঁহিৰ সুৰ কোনেনো বজাই
উন্মনা মন মোৰ নিয়ে উৰুৱাই……
পখি পখি মন মোৰ
উৰি যাব খুজে দূৰ
উৰি যাব খুজে দূৰ………