Zubeen Garg
Nao Loi Animgoi-Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) | Lyrics In Assamese | Zubeen Garg
Song: Nao Loi Animgoi-Alokhuwa Mon (নাওঁ লৈ আনিম গৈ)
Singer: Zubeen Garg

Nao Loi Animgoi Lyrics -Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) | In Assamese
নাওঁ লৈ আনিম গৈ
বোকাৰে পদুম ঐ
সাঁতুৰি আনিম গৈ তোক
তোৰে মৰমে সৰগি পৰশে
সাহসী কৰিছে মোক
ৰৈয়া ৰ…. ও ..ও ..ও ..ঈ..
ৰৈয়া ৰৈ…….
হলেহক বৰনৈ ভয় নাই ভয় নাই মোৰ
দুবাহুত শিপাইছে মৰমে মৰমে তোৰ
দুবাহু মেলি সাঁতুৰিলা আদুৰি
বোকাঁপানী নেওঁচি কলহেৰে আনি
ৰাখিম বুকুতে তোক
ৰৈয়া ৰ…. ও ..ও ..ও ..ঈ..
ৰৈয়া ৰৈ…….
ঈকৰা বিৰিনাই দিব দলিছা পাৰি
নৈৰে বোকাৰে লম ঠাই মচি
জোনাকে জাচিব ফুল এপাহ জোনালী
জোনাকে জাচিব ফুল এপাহ জোনালী
মৰমে মৰমক পাব বিচাৰি
মৰমে মৰমক পাব বিচাৰি
হেপাহৰ নপলাই ভুক
ৰৈয়া ৰ…. ও ..ও ..ও ..ঈ..
ৰৈয়া ৰৈ…….
নাওঁ লৈ আনিম গৈ
বোকাৰে পদুম ঐ
সাঁতুৰি আনিম গৈ তোক
তোৰে মৰমে সৰগি পৰশে
সাহসী কৰিছে মোক
ৰৈয়া ৰ…. ও ..ও ..ও ..ঈ..
ৰৈয়া ৰৈ…….