O Mur Dharitri Aai Lyrics | অ’ মোৰ ধৰিত্ৰী আই | Bhupen Hazarika

Song: O Mur Dharitri Aai

Singer: Bhupen Hazarika

O Mur Dharitri Aai Lyrics
O Mur Dharitri Aai Lyrics

O Mur Dharitri Aai Lyrics:—

অ’ মোৰ ধৰিত্ৰী আই

চৰণতে দিবা ঠাই,
খেতিয়কৰ নিস্তাৰ নাই
মাটি বিনে অসহায়,
দয়া কৰা দয়াশীলা আই;
অ’ মোৰ ধৰিত্ৰী আই
চৰণতে দিবা ঠাই,
খেতিয়কৰ নিস্তাৰ নাই
মাটি বিনে অসহায়,
দয়া কৰা দয়াশীলা আই;

ৰ’দ-বৰষুণ কাতি কৰি

ঘাম পেলাই চহ কৰি,
তোমাৰ বুকুৰ সোণ চপাওঁ
আনে নিয়ে কাঢ়ি,
ধৰিত্ৰী আই মোৰ
আমাক তুমি নেৰিবা
তোমাৰ চেনেহ বিনে আই
আমি নিৰুপায়;

মাটিকে সাবটি ধৰি

মাটিকে সাৰথি কৰি
মাটিৰ বুকুত শোণিত ঢালো
জিৰণি পাহৰি….
ধৰিত্ৰী আই মোৰ
আমাক তুমি নেৰিবা,
তোমাৰ চেনেহ বিনে আই
আমি নিৰুপায়;

মই হ’লো মাউৰা ল’ৰা

মোৰ আই নাই,
কাবৌ কৰো ধৰিত্ৰী মোৰ
তুমি হ’বা আই,
মই হ’লো মাউৰা ল’ৰা
মোৰ আই নাই,
কাবৌ কৰো ধৰিত্ৰী মোৰ
তুমি হ’বা আই,
মাটি আৰু খেতিয়কৰ
সম্বন্ধ আছে যুগ-যুগৰ
কৃষক মাটিৰ মিলনত
দিয়ে অন্তৰায়,
অ’ মোৰ ধৰিত্ৰী আই
চৰণতে দিবা ঠাই,
খেতিয়কৰ নিস্তাৰ নাই
মাটি বিনে অসহায়,
দয়া কৰা দয়াশীলা আই….
দয়া কৰা দয়াশীলা আই….
দয়া কৰা দয়াশীলা আই….

Leave a Comment