Bhupen Hazarika
He Dola Lyrics | হে দোলা | Bhupen Hazarika
Song: He Dola (হে দোলা)
Singer: Bhupen Hazarika
![]() |
| He Dola Lyrics |
He Dola Lyrics:—-
দোলা হে দোলা হে দোলা হে দোলা
হে একাঁ-বেঁকা বাটেৰে কঢ়িয়াওঁ কঢ়িয়াওঁ
বৰ-বৰ মানুহৰ দোলা হে দোলা,
হে আপোন কৰিলো বনুৱাৰ জীৱনক
দেহা ভাগৰাই
দোলা হে দোলা হে দোলা হে দোলা
একাঁ-বেঁকা বাটেৰে কঢ়িয়াওঁ
বৰ-বৰ মানুহৰ দোলা হে দোলা,
হে আপোন কৰিলো বনুৱাৰ জীৱনক
দেহা ভাগৰাই তোলা হে তোলা
হে একাঁ-বেঁকা বাটেৰে কঢ়িয়াওঁ কঢ়িয়াওঁ
বৰ-বৰ মানুহৰ দোলা হে দোলা
হে হেয়ানা হেয়ানা হেয়ানা হেয়া….
হে হেয়ানা হেয়ানা হেয়ানা হেয়া….
দোলাৰ ভিতৰত তিৰবিৰ কৰিছে
চহকী পাটৰে পাব,
ঘনে-ঘনে দেখিছো লৰচৰ কৰিছে
শুকুলা চোঁৱৰৰ আগ,
মোৰহে ল’ৰাটিক এইবাৰ বিহুতে
নিদিলো সূতাৰে চোলা,
চকুলো ওলালেও মনটি নেভাঙো
কঢ়িয়াই লৈ যাওঁ
দোলা হে দোলা হে দোলা হে দোলা
হে হেয়ানা হেয়ানা হেয়ানা হেয়া….
হে হেয়ানা হেয়ানা হেয়ানা হেয়া….
যুগে যুগে জাপি দিয়ে মেটমৰা বোজাটি
কান্ধ ভাঙো ভাঙো কৰে, হে কৰে,
বৰ বৰ মানুহে দোলাত টোপনিয়ায়
আমাৰহে ঘামবোৰ সৰে, অ’ সৰে,
অ’ ওখকৈ পাহাৰৰ টিংটি উঠিছো
ভালকৈ খোজটি মিলা,
আমাৰ কান্ধৰপৰা পিছলিব লাগিলে
বাগৰি পৰিব দোলা,
অ’ ৰাজা-মহাৰাজাৰ দোলা
বৰ-বৰ মানুহৰ দোলা হে দোলা
একাঁ-বেঁকা বাটেৰে কঢ়িয়াওঁ কঢ়িয়াওঁ
বৰ-বৰ মানুহৰ দোলা হে দোলা
হে হেয়ানা হেয়ানা হেয়ানা হেয়া….
হে হেয়ানা হেয়ানা হেয়ানা হেয়া….
হে হেয়ানা হেয়ানা হেয়ানা হেয়া….
হে হেয়ানা হেয়ানা হেয়ানা হেয়া….
হে হেয়ানা হেয়ানা হেয়ানা হেয়া….
