Nekandiba Lyrics (নেকান্দিবা)

Published on December 18, 2020

Song: Nekandiba

Singer: Bhupen Hazarika

Nekandiba Lyrics

নেকান্দিবা নেকান্দিবা

মোৰে নতুন কইনা,

পাহাৰ বগাই ধৰি আনিম

তুমি খোজা মইনা মইনা

নেকান্দা কইনা….

নেকান্দিবা নেকান্দিবা

মোৰে নতুন কইনা,

পাহাৰ বগাই ধৰি আনিম

তুমি খোজা মইনা মইনা

নেকান্দা কইনা….

AssameseLyrical.com

আনৰে সোণ লুকুৱাবলে

পিতাই শিক্ষা নিদিলে,

সমাজৰ ধন চান কাঢ়িবলে

আয়ে শিক্ষা নিদিলে,

কোবেৰৰো পু ন’হলো

দিবলৈ সোণ গহনা,

পাহাৰ বগাই ধৰি আনিম

এটি জীয়া মইনা মইনা

নেকান্দা কইনা….

ধনীৰ ঘৰত পৰাহেঁতেন

আজি তুমি কইনা,

পেৰা ভৰাই মণি-কেৰু

পালাহেঁতেন কতনা,

পাহৰিব খোজা যদি

পেটৰ ভোকৰ যাতনা,

দেখুৱাব পাৰো মই

কংস-বধৰ ভাওনা ভাওনা

নেকান্দা কইনা….

আনক মাৰি ধান সাঁচিবলে

গুৰুৱে শিক্ষা নিদিলে,

মিঠাতেলত বিহ ঢালিবলে

গুৰুৱে শিক্ষা নিদিলে,

আগলী বাঁহৰে যদি

লাহৰী গগনা,

শুনিব খুজিছা তুমি

বজাই শুনাম মইনা মইনা

নেকান্দা কইনা….

নেকান্দিবা নেকান্দিবা

মোৰে নতুন কইনা,

পাহাৰ বগাই ধৰি আনিম

তুমি খোজা মইনা মইনা

নেকান্দা কইনা….