Panchana Lyrics – Kanchanjangha | Zubeen Garg and Panchana Rabha

Published on February 29, 2020

Song: Panchana (পানছানা)


Singer: Zubeen Garg and Panchana Rabha


Movie: Kanchanjangha

Panchana Lyrics
Panchana Lyrics

Panchana Lyrics:—


পানছানা দালৈ
মান্দাৰিনা দালৈ
ও কাইদা লাই বকিয়াল
দুগ দুগুৰ দুগ দুগুৰ
ৰিংঙে তাৰ তুৰপুৰচে
ও ও মানদাই

পানছানা দালৈ
মান্দাৰিনা দালৈ
ও কাইদা লাই বকিয়াল
দুগ দুগুৰ দুগ দুগুৰ
ৰিংঙে তাৰ তুৰপুৰচে
ও ও মানদাই

কলিজাৰ কাৰেং ভাঙি
সপোনৰ সমাধি পাতি
যাতনাৰ খৰং সিঁচি
পৰাণৰ কবিতা ফালি
উৰুঙা হাহাকাৰে মোক জুকায়
ক’লেহি তুমি নাই ক’তো নাই
পানছোনাৰ দুলা
দুগ দুগুৰ দুগ দুগুৰ
সবদে দুৰলৈ যায়

ৰঙালি আঙুলিৰ পাহিতে
সোনালি আঙুঠিৰ হাঁহিয়ে
নাসাজিলে ঘৰ সুখৰ
সুৱৰি অতীতৰ বাঁহিয়ে
বিছাৰি ল’ৰালিৰ প্ৰিতিৰে
পাহৰিলে সুৰ নিজম
গুমুথা গুমুথা
আকাশে বুকুতে জিৰায়
উৰুঙা উৰুঙা
উশাহে নিজকে জলায়
পানছোনাৰ দুলা
গৰকি মোহাৰি যায়

অসময় সময়ৰ পলকে
ক’লেহি নিয়তিৰ কাণতে
নিজানো নিজম নহয়
সপোনৰ সমাধিৰ এঙাৰে
ক’লেহি পোহৰৰ কাণতে
এন্ধাৰো নিজম নহয়
ধুমুহাৰ কুকুহা বতাহত কুৱঁলি ক’ত
মৰমৰ মালিতা বুকুতে মলঙি গ’ল
পানছোনাৰ দুলা
গুলুঙৰ আমঠু
গৰকি মোহাৰি যায়

দুগ দুগুৰ দুগ দুগুৰ
সবদে দূৰলৈ দূৰ
দূৰলৈ যায়
পানছোনাৰ দুলাত
তুমি নাই ময়ো নাই
নাই নাই আজি কোনো নাই