Rimjhim Barixare Lyrics | ৰিমিঝিমি বাৰিষাৰে | Zubeen Garg

Published on February 12, 2020

Song: Rimjhim Barixare (ৰিমিঝিমি বাৰিষাৰে)

Singer: Zubeen Garg

Rimjhim Barixare Lyrics
Rimjhim Barixare Lyrics

Rimjhim Barixare Lyrics:—

ৰিমিঝিমি বাৰিষাৰে

ভিজা ভিজা ৰাতি নামে,
ৰিমিঝিমি বাৰিষাৰে
ভিজা ভিজা ৰাতি নামে,
অংগে অংগে নানা ৰংগে ৰংগে
বাজে মন ৰঙোৱা এটি গান,
ছন্দে ছন্দে কিনো মুগ্ধ কণ্ঠে
বোৱালা কি মৰমৰে বান
অজানিতে অ’…..
সাগৰ সাগৰ কিনো ইপাৰ সিপাৰ
মাঁথো অপাৰ অপাৰ মধুময় মৰম,
টোপাল টোপাল যেন শীতল শীতল
এই কোমল কোমল তোমাৰে মৰম,
অ’…..

উভটি আঁহো আঁতৰি গৈয়ো

নাভাগৰো ভালপোৱা যাচিও,
মোৰ বিহংগ মনে নেমানে
সপোনতো পাখি মেলে,
মোৰ বিহংগ মনে নেমানে
সপোনতো পাখি মেলে,
তোমাৰে বুকুলে সজোৰে অ’…..
সাগৰ সাগৰ কিনো ইপাৰ সিপাৰ
মাঁথো অপাৰ অপাৰ মধুময় মৰম,
টোপাল টোপাল যেন শীতল শীতল
এই কোমল কোমল তোমাৰে মৰম
অ’…..

একাঁজলি মোৰ হেঁপাহতে

জিৰাৱাহি ভাঁবো মনে মনে,
মোৰ নিসংগ লহমাবোৰত
চুমি চুমি জগাবা আবেগক,
মোৰ নিসংগ লহমাবোৰত
চুমি চুমি জগাবা আবেগক,
তিৰবিৰ হিয়া মোৰ যেন জিলিকে
অ’…..
সাগৰ সাগৰ কিনো ইপাৰ সিপাৰ
মাঁথো অপাৰ অপাৰ মধুময় মৰম,
টোপাল টোপাল যেন শীতল শীতল
এই কোমল কোমল তোমাৰে মৰম
অ’…..

ৰিমিঝিমি বাৰিষাৰে

ভিজা ভিজা ৰাতি নামে,
অংগে অংগে নানা ৰংগে ৰংগে
বাজে মন ৰঙোৱা এটি গান,
ছন্দে ছন্দে কিনো মুগ্ধ কণ্ঠে
বোৱালা কি মৰমৰে বান
অজানিতে অ’…..
সাগৰ সাগৰ কিনো ইপাৰ সিপাৰ
মাঁথো অপাৰ অপাৰ মধুময় মৰম,
টোপাল টোপাল যেন শীতল শীতল
এই কোমল কোমল তোমাৰে মৰম,
অ’…..