Bishnu Prasad Rabha
Tejor Bulere Likhi Jam (তেজৰ বোলেৰে লিখি যাম) | Lyrics In Assamese | Bishnu Prasad Rabha
Song: Tejor Bulere Likhi Jam (তেজৰ বোলেৰে লিখি যাম)
Singer: Bishnu Prasad Rabha
![]() |
| Tejor Bulere Likhi Jam Lyrics |
Tejor Bulere Likhi Jam Lyrics:—
তেজৰ বোলেৰে লিখি যাম ইতিহাস
মচি যাম দীন সমাজৰ হীন পৰিহাস
তেজৰ বোলেৰে লিখি যাম ইতিহাস
মচি যাম দীন সমাজৰ হীন পৰিহাস
কত শ্বহীদৰ দুখৰ জীৱনী লিখা
কত ব্যথিতৰ বেদনাৰ ছবি অঁকা
কত শ্বহীদৰ দুখৰ জীৱনী লিখা
কত ব্যথিতৰ বেদনাৰ ছবি অঁকা
পৃথিৱীৰ চিৰ মুকুতিৰ পথৰেখা
ৰচি যাম বহু শোষিতৰ হা-হুতাহ
ৰচি যাম বহু শোষিতৰ হা-হুতাহ
তেজৰ বোলেৰে লিখি যাম ইতিহাস
মচি যাম দীন সমাজৰ হীন পৰিহাস
ধৰণী কোলাত ৰঙা পোৱালেৰে গুঁঠি
কলিজা নিঙাৰি তেজৰ টুপিৰে মথি
ধৰণী কোলাত ৰঙা পোৱালেৰে গুঁঠি
কলিজা নিঙাৰি তেজৰ টুপিৰে মথি
গঢ়ি যাম চিৰ সুখৰ সৰগ তুলি
গঢ়ি যাম চিৰ সুখৰ সৰগ তুলি
জেউতিৰ নৱ জিলিকণি দিম মেলি মেলি
গাম পীড়িতৰ চিৰ বিজয়ৰ গান
ফিৰাই আনিম দলিতৰ সম্মান
গাম পীড়িতৰ চিৰ বিজয়ৰ গান
ফিৰাই আনিম দলিতৰ সম্মান
মৰা জগতৰ হৃদয়ত ঢালি প্ৰাণ
আনিম ধৰাত চিৰ শান্তিৰ আভাষ
তেজৰ বোলেৰে লিখি যাম ইতিহাস
মচি যাম দীন সমাজৰ হীন পৰিহাস
তেজৰ বোলেৰে লিখি যাম ইতিহাস
মচি যাম দীন সমাজৰ হীন পৰিহাস
মচি যাম দীন সমাজৰ হীন পৰিহাস
মচি যাম দীন সমাজৰ হীন পৰিহাস….
