Hiri Biri Hiri Biri Lyrics By Bishnu Prasad Rabha

Published on April 21, 2020

Song: Hiri Biri Hiri Biri (হিৰি বিৰি হিৰি বিৰি)

Singer: Bishnu Prasad Rabha

Hiri Biri Hiri Biri Lyrics
Hiri Biri Hiri Biri Lyrics

Hiri Biri Hiri Biri Lyrics:–

হিৰি বিৰি হিৰি বিৰি
হেই অ’ হেই হেই
নীলাকৈ আকাশ তৰাফুল বছা
কিয়নো ঐ হাঁহিৰে সপোন ৰচা ।
বাৰিষাৰ ডাৱৰত বিজুলীৰ খেলা
কিয়নো ঐ সৰগৰ সঁফুৰা মেলা
হিৰি বিৰি হিৰি বিৰি
হেই অ’ হেই হেই ।
সপোন মছিম, দিঠক ৰচিম
সাত মহলাৰ কাৰেঙ গঢ়িম
অ’ ভৈয়াম ঐ, বিজুলীৰ চাকি জ্বালি
হিৰি বিৰি হিৰি বিৰি
হেই অ’ হেই হেই ।
চোতালৰ জাবৰি, আজুৰি পিজুৰি
সাজিমে ফুলনি বাৰী জলমল ধুনীয়া
হ’ব বিনন্দীয়া আমাৰে অলকাপুৰী
অ’ ভৈয়াম ঐ, আমাৰে অলকাপুৰী
হিৰি বিৰি হিৰি বিৰি
হেই অ’ হেই হেই ।
পুৱাব সিদিনা দুখৰে ৰজনী
ফৰকাল হ’ব সব হিয়া
ৰ’দত উজ্বলিব কাৰেঙৰ কলচী
সুখৰ পোহৰত ধুনীয়া

অ’ ভৈয়াম ঐ, শান্তি দেশলৈ খোজ দিয়া
হিৰি বিৰি হিৰি বিৰি
হেই অ’ হেই হেই ।।