Tumar Ukhah Kohua Kumol Lyrics | তোমাৰ উশাহ কঁহুৱা-কোমল | Bhupen Hazarika

Song: Tumar Ukhah Kohua Kumol (তোমাৰ উশাহ কঁহুৱা-কোমল)

Singer: Bhupen Hazarika

Tumar Ukhah Kohua Kumol Lyrics
Tumar Ukhah Kohua Kumol Lyrics

Tumar Ukhah Kohua Kumol Lyrics:—

তোমাৰ উশাহ কঁহুৱা-কোমল

শেৱালি-কোমল হাঁহি

হাঁহিয়ে হৃদয় হৰিলে শুনাই

এটি কিবা মিঠা বাঁহী৷

শাৰদীয়া চেনেহীৰে

কঁকাল ইমান লাহী।।

তোমাৰ উশাহ কঁহুৱা কোমল

শেৱালি কোমল হাঁহি৷৷

হঠাৎ আজি গালোঁ মই

মৰম সনা গীত

তাকে শুনি চেনেহীৰে

উখল মাখল চিত।

বালিত নাচে আমাক জোকাই

এটি সৰু বালি মাহী।

তোমাৰ উশাহ কঁহুৱা কোমল

শেৱালি কোমল হাঁহি৷৷

ৰুণুক-জুনুক সৰা পাতত

নিয়ঁৰ সৰি পৰে

গালে মুখে নিয়ঁৰ সানি

ধেমালিখন কৰে।

শেৱালীৰে বিছনাতে

আমি দুয়ো শুলোঁ

শুই শুই মেঘৰ আঁৰৰ

শৰালি গণিলোঁ ।

এহাল হাঁহে আদৰিলে

হঠাৎ নামি আহি ।

তোমাৰ উশাহ কঁহুৱা কোমল

শেৱালি কোমল হাঁহি।।

Leave a Comment