Paar Hoi Gol Dhumuha Lyrics By Dipen Baruah

Song: Paar Hoi Gol Dhumuha (পাৰ হৈ গ’ল ধুমুহা)

Album: Asamiya Adhunik Geet

Singer: Dipen Baruah

Lyrics: Keshab Mahanta

Music: Ramen Barua

Paar Hoi Gol Dhumuha Lyrics
Paar Hoi Gol Dhumuha Lyrics


Paar Hoi Gol Dhumuha Lyrics:--

পাৰ হৈ গ’ল ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা
পাৰ হৈ গ’ল ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা
যেন উৰি গ’ল
এৰাতি আন্ধাৰ..
পোহৰ কাঢ়িব খোজা
গ’ল ভাঙি থৈ মোৰ পঁজা,
পাৰ হৈ গ’ল
ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা

অচিনাকি তুমি তেনেই নতুন
তোমাৰ কোমল মাত
চকুত তোমাৰ হাঁহিৰ নাচোন
আলফুলীয়া হাত...
তুমি আহি দেখোঁ
ক’লা হাঁহি হাঁহি...
আকৌ
এবাৰ সাজা
পাৰ হৈ গ’ল ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা

হয়তো তুমিয়েই মোৰ সাধনাৰ
প্রথম হেঙুলী পুৱা...
হয়তো তুমিয়েই মোৰ সাধনাৰ
প্রথম হেঙুলী পুৱা ...
হয়তোবা তুমি তুমিয়েই মোৰ
সূর্য হেৰাই যোৱা
তোমাৰ বলেৰে
হ’বওতো পাৰে...
এইবাৰ ঘৰ সজা
পাৰ হৈ গ’ল ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা
যেন উৰি গ’ল
এৰাতি আন্ধাৰ...
পোহৰ কাঢ়িব খোজা...
গ’ল ভাঙি থৈ মোৰ পঁজা
পাৰ হৈ গ’ল ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা

 অ’... অ’...অ’...
 অ’... অ’.. অ’...
 অ’... অ’.. অ’...

Post a Comment

Previous Post Next Post

Contact Form