Assamese Lyrics
Paar Hoi Gol Dhumuha Lyrics By Dipen Baruah
Song: Paar Hoi Gol Dhumuha (পাৰ হৈ গ’ল ধুমুহা)
Album: Asamiya Adhunik Geet
Singer: Dipen Baruah
Lyrics: Keshab Mahanta
Music: Ramen Barua
![]() |
| Paar Hoi Gol Dhumuha Lyrics |
Paar Hoi Gol Dhumuha Lyrics:–
পাৰ হৈ গ’ল ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা
পাৰ হৈ গ’ল ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা
যেন উৰি গ’ল
এৰাতি আন্ধাৰ..
পোহৰ কাঢ়িব খোজা
গ’ল ভাঙি থৈ মোৰ পঁজা,
পাৰ হৈ গ’ল
ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা
অচিনাকি তুমি তেনেই নতুন
তোমাৰ কোমল মাত
চকুত তোমাৰ হাঁহিৰ নাচোন
আলফুলীয়া হাত…
তুমি আহি দেখোঁ
ক’লা হাঁহি হাঁহি…
আকৌ
এবাৰ সাজা
পাৰ হৈ গ’ল ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা
হয়তো তুমিয়েই মোৰ সাধনাৰ
প্রথম হেঙুলী পুৱা…
হয়তো তুমিয়েই মোৰ সাধনাৰ
প্রথম হেঙুলী পুৱা …
হয়তোবা তুমি তুমিয়েই মোৰ
সূর্য হেৰাই যোৱা
তোমাৰ বলেৰে
হ’বওতো পাৰে…
এইবাৰ ঘৰ সজা
পাৰ হৈ গ’ল ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা
যেন উৰি গ’ল
এৰাতি আন্ধাৰ…
পোহৰ কাঢ়িব খোজা…
গ’ল ভাঙি থৈ মোৰ পঁজা
পাৰ হৈ গ’ল ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা
অ’… অ’…অ’…
অ’… অ’.. অ’…
অ’… অ’.. অ’…
