Avravedi Ur Lyrics By Jyoti Prasad Agarwala

Song: Avravedi Ur (অভ্ৰভেদী উৰ)

Singer: Jyoti Prasad Agarwala

Avravedi Ur Lyrics
Avravedi Ur Lyrics

Avravedi Ur Lyrics:---

উৰ উৰ উৰ উৰ
অভ্ৰভেদী উৰ
নীল আকাশত উৰ, তৰাৰ মাজত উৰ
সবাৰে ওপৰে উৰ

অ’ মোৰ
তিনিবৰণীয়া ভাৰতৰে পতাকা ।
আলোকি বিমান
উৰ অ’ মোৰ ভাৰতৰে বিজয় নিচান ।

সত্যৰ আলোকেৰে দিগন্ত উজলি
অহিংস শান্তিৰ বাণী প্ৰচাৰি মহান
সূৰুযৰ দৰে দীপ্তিমান
বজ্ৰমুঠিৰ বান্ধে তোমাক প্ৰণামিছোঁ
পণ কৰি প্ৰাণ
অ’ মোৰ ভাৰতৰে নিচান ।

অগ্নিৰ মন্ত্ৰেৰে আৰাধিলোঁ ইষ্টদেৱ
শক্তিৰ সন্তান আমি নাহোঁ আৰু কেও
অজেয় সৰবদলী
আত্মশক্তিমান
লক্ষ্য মোৰ অব্যৰ্থ সন্ধান
উৰ অ’ মোৰ ভাৰতৰ বিজয় নিচান ।।

Post a Comment

Previous Post Next Post

Contact Form