Uri Uri Jai | Deeplina Deka

উৰি উৰি যায়
হেঙুলীয়া পক্ষী
ডেউকা মেলি
নীলিমাকে চুমি


নীলা নীলা হৈ
আকাশে নো দিলে
কাকলি সুৰৰ
অনুৰণণ তুলি


অ মোৰ সপোন জানো তুমি নহবা
মুঠিতে অভিমান কিদৰে ৰাখিবা
ৰদালিৰ ৰঙেৰে কি ৰং সানিলা
আদৰি ৰঙালে হিয়াৰে বেথা


মোৰ ভিজা প্ৰাণতে দিলাহি
আদৰোৱা তোমাৰ ছবিটি


(Music)...


ঐ তোমাৰে হাঁহিটি ফুলিছে মিঠাকৈ
গেৰুৱা কলিজাত
ঐ তোমাৰে বেজাৰত উৰিছোঁ
চিৰিঙিকৈ মোৰে নো হিয়াত


ঐ তোমাৰে হাঁহিটি ফুলিছে মিঠাকৈ
গেৰুৱা কলিজাত
ঐ তোমাৰে বেজাৰত উৰিছোঁ
চিৰিঙিকৈ মোৰে নো হিয়াত


অ নজনাকে আহে দুচকুৰ আমনিত
নুবুজাকৈ মনে মনতে ৰদালিত
অ তোমাৰে হাঁহিৰে এমুঠি নীলা
মোৰ ভিজা প্ৰাণতে দিলাহি
আদৰোৱা তোমাৰ ছবিটি


(Music)


ঐ আপংৰ ৰাগীতে বলিছে
কনেং ঐ ফাগুনৰ হৃদয়ত
ঐ আশাৰে হেঁপাহত বাঢ়িছে
ঢিপিংকৈ গোলাপ ৰঙা


ঐ আপংৰ ৰাগীতে বলিছে
কনেং ঐ ফাগুনৰ হৃদয়ত
ঐ আশাৰে হেঁপাহত বাঢ়িছে
ঢিপিংকৈ গোলাপ ৰঙা


অ উষাহে দিলেহি এধানি ধুনীয়া
বতাহে চুলেহি ৰাঙলী কলিজা
তোমাৰে হাঁহিৰে এমুঠি নীলা
মোৰ ভিজা প্ৰাণতে দিলাহি
আদৰোৱা তোমাৰ ছবিটি


উৰি উৰি যায়
হেঙুলীয়া পক্ষী
ডেউকা মেলি
নীলিমাকে চুমি


নীলা নীলা হৈ
আকাশে নো দিলে
কাকলি সুৰৰ
অনুৰম তুলি


অ মোৰ সপোন জানো তুমি নহবা
মুঠিতে অভিমান কিদৰে ৰাখিবা
ৰদালিৰ ৰঙেৰে কি ৰং সানিলা
আদৰি ৰঙালে হিয়াৰে বেথা


মোৰ ভিজা প্ৰাণতে দিলাহি
আদৰোৱা তোমাৰ ছবিটি


Post a Comment

Previous Post Next Post

Ads

Facebook

Contact Form