Barikhare Banot | Zubeen Garg | Babu Baruah

Song: Barikhare Banot
Singer: Zubeen Garg & Babu Baruah

বাৰিষাৰে বানত
অ দাদা
পৰিছেনে মনত
তোৰ দাদা

বাৰিষাৰে বানত
অ বাবু
পৰিছেনে মনত
তোৰ বাবু

বঠা মাৰিছিলোঁ যে
কলৰে নাওত
ধেমালি ধেমালি তে যাওঁ দূৰলৈ
ভয়ে ভয়ে আহোঁ ঘৰলৈ

বাৰিষাৰে বানত
অ দাদা
পৰিছেনে মনত
তোৰ দাদা

বঠা মাৰিছিলোঁ যে
কলৰে নাওত
মিঠা মিঠা কথাবোৰ
আছেনে মনত
মন যায় উভতি গাঁৱলৈ

(Music)

চোতালতে একাঠু
পদূলিতে বুকু
সাঁতুৰী সাঁতুৰী থাকোঁ

অ দেউতাৰে কোলাত
ভন্টীয়ে কান্দে
বাৰে বাৰে জোকাইছিলোঁ

লুকাই লুকাই
আই য়ে কান্দে চুকত
কি কৰোঁ নকৰোঁ
আমিও বিপাঙত

আজি দেখো পৰে মনত
অ বাবু
মোৰে জানো পৰে মনত

(Music)…

অ আমলখি ডালত
ফেৰেঙণিত বহি
বৰশী বাওঁ তোৰে লগত

অ বিচনাৰ ওপৰত
বিচনা তুলি লৈ
আছিলোঁ সপোনৰ দেশত

সেই সপোনে কৰে
আজিও আমনি
ৰঙে ৰঙে ভৰা
লৰালিৰ কাহিনী

আজি দেখোন পৰে মনত
অ দাদা
মোৰে জানো পৰে মনত

(Music)…

বাৰিষাৰে বানত
অ বাবু
পৰিছেনে মনত
তোৰ বাবু

বঠা মাৰিছিলোঁ যে
কলৰে নাওত
মিঠা মিঠা কথাবোৰ
আছেনে মনত
মন যায় উভতি গাঁৱলৈ

Leave a Comment