Tumar Umaal Moromor Lohorot Lyrics


Song: Tumar Umaal Moromor Lohorot

Singer: Zubeen Garg

Tumar Umaal Moromor Lohorot Lyrics

তোমাৰ উমাল মৰমৰ লহৰত

উজানত উটিছে উৰুখা মন

উজলি উপচিছে উথলি  উঠিছে

বিয়পি বিয়পি মৰমৰ জোৱাৰত

বুৰিব ধৰিছে 

উৱঁলি যোৱা মোৰ হৃদয়খন।

এনে লাগে যেন সজল আজলী 

লাৱনি চাৱনি তোমাৰ

নিমিষতে জুমি জোনাক জুৰিছে

হিয়াৰ এন্ধাৰ আঁউষী

জুৰুলি-জুপুৰি তোমাৰ চাৱনিত

 বিভোৰ মগন

মই আজীৱন

AssameseLyrical.com

এনে লাগে যেন মৰমী মায়াবী 

প্ৰীতি পৰশন তোমাৰ

চেনেহ চুমি সেউজ সিঁচি

 তৃষাত আতুৰ বাকৰি

গলিছে পমিছে তোমাৰ পৰশত

 মুগুধ মুগুধ 

মই আমৰন।

তোমাৰ উমাল মৰমৰ লহৰত

উজানত উটিছে উৰুখা মন

উজলি উপচিছে উথলি  উঠিছে

বিয়পি বিয়পি মৰমৰ জোৱাৰত

বুৰিব ধৰিছে 

উৱঁলি যোৱা মোৰ হৃদয়খন।

Leave a Comment