Kinu Bipangote Lyrics | Zubeen Garg

Published on March 1, 2020

Song: Kinu Bipangote (কিনো বিপাঙতে)


Singer: Zubeen Garg

Kinu Bipangote Lyrics
Kinu Bipangote Lyrics

Kinu Bipangote Lyrics:—


কিনো বিপাঙতে অ’ই

পৰিলি ৰংমন অ’ই

মৰম বিচাৰি গৈ
কিনো বিপাঙতে অ’ই
পৰিলি ৰংমন অ’ই
মনৰ কথা খুলি কৈ
ৰঙা গোলাপ কলি দেখি ভোল গ’লি
কাইঁটতে বুকুখনি দিলি গুজি
কুমলীয়া তোৰে কলিজাটি অ’ই
তেজেৰে ৰাঙলী হ’ল
তেজেৰে ৰাঙলী হ’ল

কাঁহ-পিতল ই নহয় জান’
যোৰা দিবলৈ
মন ভাগিলে দুখ থাকি যায়
চিৰদিনলৈ
মন বিচাৰি ৰং বিলালি
কিনো পালি অ’ই
ৰঙৰ মোনা এৰি আজি
উভতিলি অ’ই
তই উকা দুহাত লৈ
অকলে অকলে
দুখৰ চকুলো তোৰ
কোনে ৰোধে
ৰঙা গোলাপ কলি দেখি ভোল গ’লি
কাইঁটতে বুকুখনি দিলি গুজি
কুমলীয়া তোৰে কলিজাটি অ’ই
তেজেৰে ৰাঙলী হ’ল
তেজেৰে ৰাঙলী হ’ল

নাই আপোন-পৰ জগতেই ঘৰ
ভাৱিছিলি অ’ই
কিনো পালি তাৰ প্ৰতিফল
বুকুত একোৰা জুই লৈ
নাই সৰু-বৰ মানুহৰে
কোনে ক’লে অ’ই
মৰমেৰে সাৱটিব
খুজিছিলি অ’ই
আজি দিলে গতিয়াই
কেনি পলাবি বাৰু
ক’লৈ যাবি তই
*অভগা*অ’ই
ৰঙা গোলাপ কলি দেখি ভোল গ’লি
কাইঁটতে বুকুখনি দিলি গুজি
কুমলীয়া তোৰে কলিজাটি অ’ই
তেজেৰে ৰাঙলী হ’ল
তেজেৰে ৰাঙলী হ’ল

কিনো বিপাঙতে অ’ই
পৰিলি ৰংমন অ’ই
মৰম বিচাৰি গৈ
কিনো বিপাঙতে অ’ই
পৰিলি ৰংমন অ’ই
মনৰ কথা খুলি কৈ
ৰঙা গোলাপ কলি দেখি ভোল গ’লি
কাইঁটতে বুকুখনি দিলি গুজি
কুমলীয়া তোৰে কলিজাটি অ’ই
তেজেৰে ৰাঙলী হ’ল
তেজেৰে ৰাঙলী হ’ল