Mon Uroniya Pokhi Lyrics | মন উৰণীয়া পক্ষী | Angaraag Mahanta (Papon)

Published on February 11, 2020

Song: Mon Uroniya Pokhi (মন উৰণীয়া পক্ষী)

Singer: Angaraag Mahanta (Papon)

Mon Uroniya Pokhi Lyrics
Mon Uroniya Pokhi Lyrics

Mon Uroniya Pokhi Lyrics:–

মন উৰণীয়া পক্ষী,

হেৰুৱা ঠিকনা বিছাৰি,
পাখি মেলো দূৰ নীলিমলে,
দিগন্তৰ সীমনালে,
মন উৰণীয়া পক্ষী…..

উৰি উৰি উৰি গধূলি,

পাওঁগৈ মই ঠাই যিখনি,
তাতে লওঁ জিৰণি,
নিশাটিৰ হওঁ আলহী…..
নতুন পুৱাই জগাই দিয়ে,
সপোনে আকৌ ৰিঙিয়াই মাতে,
মন উৰণীয়া পক্ষী…..

আজি যদি সাগৰে,

কাইলৈ মাতে মোক পাহাৰে,
চহৰৰ কোলাহলে,
গাঁৱৰ চহা জীৱনে,
সাদৰি মাতে মোক মহাকাশে,
যাযাবৰী মন,
যাযাবৰী মন,
যাযাবৰী মন উৰি ফুৰে,
মন উৰণীয়া পক্ষী…..
হেৰুৱা ঠিকনা বিছাৰি,
পাখি মেলো দূৰ নীলিমলে,
দিগন্তৰ সীমনালে,
এই মন উৰণীয়া পক্ষী…..