Gose Gose Lyrics | গছে গছে | Jyoti Prasad Agarwala

Published on February 10, 2020

Song: Gose Gose (গছে গছে)

Singer: Jyoti Prasad Agarwala

Gose Gose Lyrics 

Gose Gose Lyrics:–

গছে গছে পাতি দিলে

ফুলৰে শৰাই,

ৰাম ৰাম ফুলৰে শৰাই
ফুলৰে শৰাই….
ফুলৰে শৰাই….
গছে গছে পাতি দিলে
ফুলৰে শৰাই,
ৰাম ৰাম ফুলৰে শৰাই
ফুলৰে শৰাই….
ফুলৰে শৰাই….

কলীয়া ভোমোৰা

গুঞ্জৰী আহে,

কলীয়া ভোমোৰা
গুঞ্জৰী আহে,
গুন্ধকে ধিয়ায়
ৰাম ৰাম গুন্ধকে ধিয়ায়,
গুন্ধকে ধিয়ায়
গুন্ধকে ধিয়ায়,

কোনে গুলাপী সখীক

চেনেহ আহি দিলে

ৰূপতে ৰঙে চৰায়,
কোনে গুলাপী সখীক
চেনেহ আহি দিলে
ৰূপতে ৰঙে চৰায়,
উৰণীৰ তলতে পৰিমলৰেণু
উৰুৱাই পৱনে দিলে বিলায়,
উৰণীৰ তলতে পৰিমলৰেণু
উৰুৱাই পৱনে দিলে বিলায়,

গছে গছে পাতি দিলে

ফুলৰে শৰাই,

ৰাম ৰাম ফুলৰে শৰাই
ফুলৰে শৰাই….
ফুলৰে শৰাই….
ফুলৰে শৰাই….