Angaraag Mahanta
Hopunot Aaji (সপোনত আজি) – Lyrics | Angaraag Mahanta | Papon
Song: Hopunot Aaji (সপোনত আজি)
Singer: Angaraag Mahanta (Papon)
Album: Junaki Raati

Hopunot Aaji (সপোনত আজি) – Lyrics:—
সপোনত আজি,
দিঠকত আজি,
তোমাৰেই পৰশ,
সপোনত আজি,
দিঠকত আজি,
তোমাৰেই পৰশ,
বতাহত আজি,
উশাহত আজি,
তোমাৰেই পৰশ,
তোমাৰেই পৰশ সন্ধিয়াৰ আকাশত
ডাৱৰৰ আঁৰে লুকা-ভাকু খেলা
জিল্ মিল্ জোনৰ
সপোনত আজি,
দিঠকত আজি,
তোমাৰেই পৰশ,
তিৰ্ বিৰ্ তৰা জাকৰ মাজত
তোমাৰ কোমল নিবিৰ পৰশ……
উজাগৰী ৰাতি………
গুণ গুণাই আছো,
নিৰৱতা ভাঙি……..
ধেমালি মন উৰি গুচি যায়,
ধেমালি মন উৰি গুচি যায়…….
বিছাৰি তোমাৰ সুৰীয়া ভাষা,
কণ্ঠৰ পৰশ,
সপোনত আজি
দিঠকত আজি,
তোমাৰেই পৰশ,
তোমাৰেই পৰশ………
পল গণি শেষ নহয়,
কাষত তোমাক পোৱাৰ বাবে
আকূল হৃদয়…..
অবুজ কূলাহল
গুজৰি-গুমৰি মনতে ৰয়,
অভিমানৰ প্ৰাচীৰ ভাঙি
অশ্ৰু হৈ বয়………..
মনৰ এন্ধাৰ আঁতৰি যায়,
পক্ষীৰ মাতত ৰাতি পুৱায়……..
হিয়াতে আনে পুৱাৰে ৰাগে,
ন অনুভৱ………
দিঠকত আজি,
বতাহত আজি,
তোমাৰ পৰশ …….
ধুনীয়া সুৰ এটি,
নিসংগতাৰ ৰাতিৰ
সপোনত আজি……..
ধুনীয়া সুৰ এটি,
নিসংগতাৰ ৰাতিৰ
সপোনত আজি……..