Avravedi Ur Lyrics By Jyoti Prasad Agarwala

Song: Avravedi Ur (অভ্ৰ ভেদি উৰ) Singer: Jyoti Prasad Agarwala Avravedi Ur Lyrics Avravedi Ur Lyrics:— উৰ উৰ উৰ অভ্ৰ ভেদি উৰ নীল আকাশত উৰ, তৰাৰ মাজত উৰ সবাৰে উপৰে উৰ অ’ মোৰ তিনি বৰণীয়া ভাৰতৰে বিজয় নিচান ৷ আলোকি বিমান ‘উৰ অ’ মোৰ ভাৰতৰে বিজয় নিচান ৷৷

Ulai Aah O Lyrics By Jyoti Prasad Agarwala

Song: Ulai Aah O (ওলাই আহ অ’) Singer: Jyoti Prasad Agarwala Ulai Aah O Lyrics Ulai Aah O Lyrics:— ওলাই আহ অ’ ওলাই আহ অ’ অসম দেশৰ শক্তিমান তয়ে অসমৰ, তয়ে ভাৰতৰ তয়ে জগতৰ নৱজোৱান ! শান্তি সেনা, শক্তি সেনা তোৰ, জয়ৰ অভিযান হাতত আছে বিজয় নিচান তই অৰ্জ্জুন সমান ৷ অগ্নিৰ মুকুট পিন্ধি মৰণ ৰথত উঠি … Read more

Kobitare Sobi Aak Lyrics By Jyoti Prasad Agarwala

Poem: Kobitare Sobi Aak (কবিতাৰে ছবি আঁক) Writer: Jyoti Prasad Agarwala Kobitare Sobi Aak Lyrics Kobitare Sobi Aak Lyrics:— কবিতাৰে ছবি আঁক তই কোন ভুবনৰ কবি ছবিৰে মই কবিতা লিখোঁ তই জানো মোৰ লগৰীয়া হবি ? আমি দুয়ো লগলাগি আহ, হওঁ পৃথিৱীত অকলশৰীয়া আপোন মনে দুয়ো ৰচোঁ জীবন ধুনীয়া ৷ হওঁ পৃথিৱীত তয়ে ময়ে অকলশৰীয়া !!

Kait Jungor Majotei Mur Lyrics By Jyoti Prasad Agarwala

Poem: Kait Jungor Majotei Mur (কাঁইট জোঙৰ মাজতেই মোৰ) Writer: Jyoti Prasad Agarwala Kait Jungor Majotei Mur Lyrics Kait Jungor Majotei Mur Lyrics:— কাঁইট জোঙৰ মাজতেই মোৰ গানৰ সুৰৰ মেলা এই ধুমুহাৰ বা-মৰালীৰ চাকনৈয়াতেই মোৰ যে ফুলাৰ বেলা এই প্ৰলয়ৰ মাজে মাজেই সৃষ্টিৰ মোৰ পাতি ধুনীয়া মেলা মই জ্বলাম চাকি বিশ্বমোহন শোণিতৰাজি…. মোৰ কলিজাৰ তিনিও ভুবন উজ্জ্বল … Read more

Kaitiya Bonoloi Najabi Lyrics By Jyoti Prasad Agarwala

Poem: Kaitiya Bonoloi Najabi (কাঁইটীয়া বনলৈ নাযাবি) Writer: Jyoti Prasad Agarwala Kaitiya Bonoloi Najabi Lyrics Kaitiya Bonoloi Najabi Lyrics:— কাঁইটীয়া বনলৈ নাযাবি নাযাবি কাঁইটে বিন্ধিব তোক দুবৰি বনতে তয়ে নুফুৰিবি ভৰিতে লাগিব জোক ৷ কেতেকীৰ আঁৰতে ফেটিৰ মূৰত জ্বলে মানুহে নোপোৱা মণি অতলৰ তলতে প্ৰবালৰ খনি ৷ তোক বিচাৰি মোৰ গান তালৈকো যাব বিপদ চুমা খাব ৷৷

Kaitiya Xonxarotei Lyrics By Jyoti Prasad Agarwala

Poem: Kaitiya Xonxarotei (কাঁইটীয়া সংসাৰতেই) Writer: Jyoti Prasad Agarwala Kaitiya Xonxarotei Lyrics Kaitiya Xonxarotei Lyrics:— কাঁইটীয়া সংসাৰতেই গোলাপ হৈ ফুলিম গেলা বোকাৰ সঁচা মিছাৰ বুকু ফালি পদুম কলি পোহৰলৈ উঠিম মেলিম পাহি হাঁহি হাঁহি সমীৰণত উটিম গোন্ধতে মোৰ অন্ধ হৈ নীলাআকশত ঘূৰিম তোক বিচাৰি ফুৰিম ৷৷

Kalor Kulat Jilikise Lyrics By Jyoti Prasad Agarwala

Song: Kalor Kulat Jilikise (কালৰ কোলাত জিলিকিছে) Singer: Jyoti Prasad Agarwala Kalor Kulat Jilikise Lyrics Kalor Kulat Jilikise Lyrics:— কালৰ কোলাত জিলিকিছে জয় ত্যাগৰ আজলি লৈ আহ অ’ আহ অ’ জননীৰে পূজাৰ সৌণালী সময় ৷ আজি অৰুণালোক পুৱতি দেশে দেশে জ্বলি গ’ল অগ্নিবাতি ৷ জাগ আজি অন্ধ অলস মুক্‌ ভাতৃ জাগ ভাৰতৰ জয় যাত্ৰী জিঞ্জিৰী যাব বুলি … Read more

Kar Ondho Sokut Lyrics By Jyoti Prasad Agarwala

Poem: Kar Ondho Sokut (কাৰ অন্ধ চকুত) Writer: Jyoti Prasad Agarwala Kar Ondho Sokut Lyrics Kar Ondho Sokut Lyrics:— কাৰ অন্ধ চকুত জ্বলিছে দিব্যমণি গন্ধবিভোৰ কোন বলিয়াই আঁউসী নিশা লেখ লেখিছে তৰা গণি গণি জ্বলিছে দিব্যমণি ৷ কোন নোপোৱাই ওআইছে সোণৰ খনি খুদ বিচৰা কোন ভিকহুৰ স্বপ্নত মিলে ননী ৷ আজি, মৰুভূমিৰ শুকান বালিত ফুলিছে গোলাপ পাহি … Read more

Kar Tez Aji Lyrics By Jyoti Prasad Agarwala

Poem: Kar Tez Aji (কাৰ তেজ আজি) Writer: Jyoti Prasad Agarwala Kar Tez Aji Lyrics  Kar Tez Aji Lyrics:— কাৰ তেজ আজি        নৱজীৱনৰ ছন্দৰূপেৰে বয় কাৰ চকুপানী নৌ মচোতেই মুকুতা মণিটি হয় ? কাৰ জীৱনৰ জ্বলিছে চাকিটি মৃত্যুৰ থাপনাত কাৰ তিয়াগৰ অগ্নিৰে আজি স্বাধীনতা প্ৰতিভাত ? আন্ধাৰ বিদাৰি আনি দিলে কোনে জন জীৱনৰ নৱপ্ৰভাত … Read more

Kar Xuworoni Lyrics By Jyoti Prasad Agarwala

Poem: Kar Xuworoni (কাৰ সোঁৱৰণি) Writer: Jyoti Prasad Agarwala Kar Xuworoni Lyrics:— কাৰ সোঁৱৰণি তোৰ চকুপানী ভোৰ, দৃষ্টি কৰিলে বন্ধ অ’ মোৰ ব’ৰাগী অন্ধ! কাৰ বিৰহত তোৰে চৌপাষে উৰিছে আকুল ব্যাকুল বনগন্ধ ৷ অ’ মোৰ ব’ৰাগী অন্ধ! উমানে উমানে বাটে বাটে যাৱ ঘৰ কেনেকৈ চিনি পাৱ? তই, গুণ গুণকৈ কি গান বিনাৱ আকাশৰ পিনে মুদা চকুৰে কিহৰ … Read more