Jibon Jura Khyatiye Lyrics | Bhupen Hazarika

Song: Jibon Jura Khyatiye (জীৱন জোৰা খ্যাতিয়ে)

Singer: Bhupen Hazarika

Jibon Jura Khyatiye Lyrics
Jibon Jura Khyatiye Lyrics

Jibon Jura Khyatiye Lyrics:--

জীৱন জোৰা খ্যাতিয়ে যদি জীৱনটোকে খায়,
বহু ধনৰ লোভে যদি মানুহ পাহৰায়, মানুহ পাহৰায়
মানুহ যদি মানুহৰে হয় অন্তৰায়,
তেনে দূৰতে থক খ্যাতি আৰু মিছা ব্যৱসায়,
মিছা ব্যৱসায় |

ধনৰ বাবেই মনৰ যদি বেহা বেপাৰ হয়,
যৌতুককে সঙ্গী বুলি আঁকোৱালি লয়,
তেনে দুটি শৰীৰ একে হ’লেও প্ৰাণটো নভৰে,
মুখা পিন্ধি দুয়ো থাকে দুয়োকে ভুলাই;
সেয়ে দূৰতে থ’ক খ্যাতি আৰু মিছা ব্যৱসায়,
মিছা ব্যৱসায় |

প্ৰেম হেনো স্বৰ্গীয় মৰততে নাই,
বোকাকে ভাল পালেই হেনো সম্ভ্ৰম হেৰায়,
তেনে সৰগৰে পাৰিজাত সৰগতে থাওক;
ধন্য হ’ম মই বোকাৰ এপাহ পদুমকে পাই।
সেয়ে দূৰতে থক খ্যাতি আৰু মিছা ব্যৱসায়,
মিছা ব্যৱসায় , মিছা ব্যৱসায়
মানুহ যদি মানুহৰে হয় অন্তৰায়

তেনে দূৰতে থক খ্যাতি আৰু মিছা ব্যৱসায়

মিছা ব্যৱসায়

Post a Comment

Previous Post Next Post

Contact Form