Ki Bisari Ure Jibon Lyrics | Bhupen Hazarika

Song: Ki Bisari Ure Jibon (কি বিচাৰি ওৰে জীৱন)

Singer: Bhupen Hazarika

Ki Bisari Ure Jibon Lyrics
Ki Bisari Ure Jibon Lyrics

Ki Bisari Ure Jibon Lyrics:---

কি বিচাৰি ওৰে জীৱন কেনি আগুৱালো
বহু ধনৰ মোহত পৰি মূলো হেৰুৱালো ।
যাবৰ পৰত হাঁহি হাঁহি এন্ধাৰলৈ গʼলো
অতি লোভত পৰি আজি পাপত বন্দী হʼলো ।


মানুহকে মানুহ বেচি , বেহা পাতিছিলোঁ

আনৰ সুখক কাঢ়ি আনি ৰং চাইছিলো ।
যি বোকাৰে পদুমতে কলঙ্ক সানিলোঁ
ধুই পখালি সাবটিবি, তোকেই সঁপি দিলো ।


আনে সঁপি দিয়াজন যেন, পদুমৰে কলি,

কলঙ্কিতা নাৰী হʼলেও, লʼলো ভনী বুলি ।
বোকাৰ পৰা পদুমকে মূৰত লʼলো তুলি
পণ কৰিলো উৰে জীৱন ৰক্ষা কৰিম বুলি ।


ভোগৰ সমল নহৱ তই কামুক সৱৰ বলি

নিৰ্ভয়ে মই আগচিম জীৱন গʼলেও জ্বলি ।
শ্যাম কানু সত্যৰ মৰণ নাই
সাধিলে হেৰুৱা বস্তু হাততে যে পায় ।


ঐ ৰাম স্ত্ৰীৰ বাবে স্বামীৰ চৰণ পূত পুণ্য ঠাই

মাতৃৰ বুকু ভৰে যেৱে পুত্ৰই বোলে আই ।
ঐ ৰাম বন্য জন্তু শান্ত নহয় সংযম হেৰায়।
মানুহৰূপে বন্য হʼলে শোভা যে নাপায় ।।

Post a Comment

Previous Post Next Post

Contact Form