Jautijugiya Dhaney Lyrics By Jyoti Prasad Agarwala

Published on June 1, 2020

Song : Jautijugiya Dhaney 

Singer:  Jyoti Prasad Agarwala

Jautijugiya Dhaney

Jautijugiya Dhaney 


যাউতিযুগীয়া ধনে মোৰ অ’
প্ৰাণতে দিলা মোক মৰম কুমলীয়া
মনত সোঁৱৰণী সুৱদীয়া
বুকুত ভালে পোৱা অ’ প্ৰাণৰ ধনে

যাউতিযুগীয়া ধনে মোৰ অ’।
স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া
কল্পনা পূৰাই দিলা মোক অ’
যাউতিযুগীয়া ধনে মোৰ অ’।

ভাৱত অগণনে হুমুনিয়াহ
অময়া সৌন্দৰ্য্য জীৱন উপচোৱা
থবলৈকে ঠায়ে নোজোৰে অ’
যাউতিযুগীয়া ধনে মোৰ অ’।

সুখ বিনন্দীয়া মৰণতে বাকি
সৰগী সপোন টোপনীতে গঢ়ি দিলা মোক অ’

যাউতিযুগীয়া ধনে মোৰ অ’।
বুজা-নুবুজাৰে হাঁহি কান্দোনৰে
জীৱনত পাতিলা মেলা মোৰ অ’
যাউতিযুগীয়া ধনে মোৰ অ’।