Mor Maa Lyrics

Published on December 3, 2020

Add captionMor Maa Lyrics



Song: Mor Maa

Siger: Zubeen Garg

Album: Maa


Mor Maa Lyrics


জোন  বেলি গাতে মেৰিয়াই 

শাৰী শাৰী খচি বোকা পানী 

পথাৰতে ভুঁই ৰোৱা- জনী 

মোৰ মা মোৰ মা 

মোৰ মা মোৰ মা 

মোৰ মা মোৰ মা তামোলৰে সেলে  বোৱাই

ঘৰে ঘৰে ফুৰা হাঁহিয়্তী 

গাঁওখনে ভালপোৱা জনী 

মোৰ মা মোৰ মা 

মোৰ মা মোৰ মা 

 AssameseLyrical.com

মোৰ তেজৰে মিঠা  সুৰভি 

মোৰ প্ৰতিটো পূৱা আবেলি 

মোৰ মাতিৰে জীয়া চানেকী 

মোৰ নিয়তি মোৰ চিনাকী 

মোৰ মা মোৰ মা 

মোৰ মা মোৰ মা 

 

এখোজ দুখোজ বাটৰ 

থুনুক থানাক মাতৰ 

সাতৰ  ৰামধেনু 

প্ৰতিদিনে উজ্বলাই

কুসুম ফুলা উদৰ 

কেঁচা কুঁহিপাতৰ 

বৰণীয়া সপোনো 

গছে পাতে ছটিয়াই 

 

মোৰ নামঘোষা মোৰ লখিমী 

মোৰ পথিৱীৰ তুমি পথিৱী 

মোৰ প্ৰনয়ৰ মোৰ প্ৰতিপাত মোৰ পাৰিজাত

মোৰ প্ৰনয়ৰ তুমি প্ৰতিবাদ 

মোৰ মা মোৰ মা 

মোৰ মা মোৰ মা 

 

এহাত দুহাত আকাশ 

হঠাৎ নিমাত বতাহ

চৌদিশে বিকশাই 

উৰি ফুৰা পৃথিবী

শিশু শিশু উশাহ 

সৰু সৰু হেঁপাহ 

দশোদিশে বিয়্পাই 

লিখি যোৱা কাহিনী 

মোৰ ইতিহাস মোৰ মহাকাশ 

মোৰ প্ৰতিটো কথাৰে প্ৰকাশ 

মোৰ শূন্যতা মোৰ পূৰ্নতা 

মোৰ প্ৰতি ঋতুৰে বৰষা 

মোৰ মা মোৰ মা 

মোৰ মা মোৰ মা 

 

জোন বেলি গাতে মেৰিয়াই

শাৰী শাৰী খচি বোকা পানী 

পথাৰতে ভুঁই ৰোৱা -জনী 

মোৰ মা মোৰ মা 

মোৰ মা মোৰ মা 

 

মোৰ নামঘোষা মোৰ লখিমী 

মোৰ প্ৰতিটো পুৱা আবেলি 

মোৰ ইতহাস মোৰ মহাকাশ 

মোৰ প্ৰনিপাত মোৰ পাৰিজাত 

মোৰ নামঘোষা মোৰ লখিমী 

মোৰ প্ৰতিটো পুৱা আবেলি

মোৰ ইতিহাস মোৰ মহাকাশ 

মোৰ প্ৰনিপাত মোৰ পাৰিজাত

মোৰ মা মোৰ মা 

 মোৰ মা মোৰ মা