Morom Kori De Lyrics (মৰম কৰি দে)

Morom Kori De Lyrics (মৰম কৰি দে)

Morom Kori De Lyrics by Tulika Mahanta & Neel Akash. View the Complete Morom Kori De Song Lyrics on our website, and view more Assamese Song Lyrics.

Morom Kori De Song Details


Song: Morom Kori De

Singer: Tulika Mahanta & Neel Akash

Morom Kori De Lyrics


মৰম কৰি দে মইনা
মৰম কৰি দে না
বুকুৰে কলিজা পৰিছে শোতৰা
মৰম কৰি দে না
অঘটন ঘটাই দিম মইনা
তোকে নাপালে সঁচা
সামৰি ৰাখিছো মৰম বহুতো
এবাৰ জুমিছা না
চকুতে দুচকু ৰাখি থোৱাৰে পৰা
সঘনে বাঢ়িছে বুকুত উঠা নমা
কিনো হল মোৰেনো
তোকে দেখাৰে পৰা
ইচাতি বিচাতি
বুকুৰ ভিতৰ চৰা
অ কিনো কৰিলে মইনা
মৰমৰ হব জোৰা
তোকে মই পাবলে
প্ৰতি জনমলে
কলিজাত দিছো হেঁচা



মৰমতে বলিয়া হলো
তোৰ কলিজাতে পিচলি গলো
সৰু সৰু কথাতে
মৰম লাগি যোৱাকে
অভিমান কিয় কৰনো। (২)
অজলা অকঁৰা লগা কথাবোৰে
অলিয়া বলিয়া কৰে বাৰে বাৰে
মৰমৰ ঘাততে একেটোপ বৰশীতে
টানি নিলি সঁচাকৈ 
কলিজাতে একে চিপে
মৰম কৰি দে মইনা
মৰম কৰি দে না
বুকুৰে কলিজা পৰিছে শোতৰা
মৰম কৰি দে না



নীলা নীলা আকাশো যেন
অভিমানত ধৰিছে ভেম
দুটি নহয়, এটি হৈ যেন
বিচাৰে আমাৰ সৰগী প্ৰেম
তোৰ এঢলীয়া মন পাবলে
নলগাও বুকুতে জেং
নীলাকৈ আকাশেও 
অভিমানত ধৰিছে ভেম
মৰম কৰি দে মইনা
মৰম কৰি দে না
বুকুৰে কলিজা পৰিছে শোতৰা
মৰম কৰি দে না।।


Do you found Any Mistake in Morom Kori De Lyrics?, Please Report In Comments Section with Correct Morom Kori De Song Lyrics!, view more Assamese lyrics.

Post a Comment

Previous Post Next Post

Contact Form