Laden Asil Polai (লাডেন আছিল পলাই) Lyrics In Assamese | Babu

Published on February 5, 2020

SONG: Laden Asil Polai (লাডেন আছিল পলাই)

SINGER: Babu



Laden Asil Polai (লাডেন আছিল পলাই) Lyrics In Assamese:–


লাডেন আছিল পলাই…

গৈ পাকিস্তান…

তোমাক পিছে পলাই লৈ যাম

ৰাজস্থান…

অহা আহিন মাহৰ পূর্ণিমা ৰাতি…

কৈ থলো মই সঁচাকে তোমাক কথাটি…

অকৰা বাপেৰে নিদিয়ে মোলৈ…

পলুৱাই নিনিলে থাকিম বাৰু

কেনেকৈ…?

বহিলে বহিব ৰাইজৰে মেল…

তেতিয়ালৈ চলি যাব

আমি উঠা ৰে’ল…!!!

দিল্লী-গোৱা-বিহাৰ ঘূৰি ফুৰিম গৈ…

ফটো উঠিম সাগৰৰে পাৰত বহি লৈ…

বুকুৰ মৰম জাছিম Open open কৈ…

কোনে বাৰু বাধা দিব তাতে আমাক

গৈ…

গোলাপী গোলাপী তোমাৰ দুগালত…

পিতিকি পিতিকি চুমা দি যাম

মৰমৰ…!!!

আলু পিতিকা দালি ভাতৰ কাঁহিত

লৈ…

উদৰ পূৰাই খাম তোমাক কাষত বহাই লৈ…

ৰৌ-ভকুৱা-আৰি,

বৰালি-কাৱৈ 

তোমাৰ প্ৰেমৰ জুতি পালে
কিয় লাগে ঐ
মৰমহে কৰিছো চুৰ কৰা নাই
কিনো জগৰ লাগে লাগে লাগক উপায় নাই
বাবু বাবা কৰি ঘৰে ঘৰে গৈ
জলা জনে জলি মৰক আমাৰ প্ৰেমত ঐ
লাডেন আছিল পলাই…

গৈ পাকিস্তান…