Nahor Fule Nuxuwai (নাহৰ ফুলে নুশুৱায়) | Lyrics In Assamese | Bishnu Prasad Rabha

Published on February 23, 2020

Song: Nahor Fule Nuxuwai (নাহৰ ফুলে নুশুৱায়)

Singer: Bishnu Prasad Rabha

Nahor Fule Nuxuwai Lyrics
Nahor Fule Nuxuwai Lyrics

Nahor Fule Nuxuwai Lyrics:—-

নাহৰ ফুলে নুশুৱায়
তগৰ ফুলে শুৱাব
তগৰ ফুলে নুশুৱায়
কপৌ ফুলে শুৱাব
নাহৰ ফুলে নুশুৱায়
তগৰ ফুলে শুৱাব
তগৰ ফুলে নুশুৱায়
কপৌ ফুলে শুৱাব
নাহৰ ফুলে নুশুৱায়
কপৌ ফুলে নুশুৱাই যদি
ঘিলা খোপাতে মোৰ
হিয়া ফুল এপাহি দিম গুজি
খোপাতে মনোহৰ
কপৌ ফুলে নুশুৱাই যদি
ঘিলা খোপাতে মোৰ
হিয়া ফুল এপাহি দিম গুজি
খোপাতে মনোহৰ
নাহৰ ফুলে নুশুৱায়
তগৰ ফুলে শুৱাব
তগৰ ফুলে নুশুৱায়
কপৌ ফুলে শুৱাব
নাহৰ ফুলে নুশুৱায়

মহাসাগৰ সিঁচি আনিম
সাত মাণিকৰে ধন
মেঘৰ বুকু ফালি চিঙিম
বিজুলীৰ ফুল কোমল
মহাসাগৰ সিঁচি আনিম
সাত মাণিকৰে ধন
মেঘৰ বুকু ফালি চিঙিম
বিজুলীৰ ফুল কোমল

মাণিক ফুলে নুশুৱাই যদি
সাতসৰীতে মোৰ
হিয়া ফালি পিন্ধাম
তেজাল পোৱালমণি মোৰ
মাণিক ফুলে নুশুৱাই যদি
সাতসৰীতে মোৰ
হিয়া ফালি পিন্ধাম
তেজাল পোৱালমণি মোৰ

নাহৰ ফুলে নুশুৱায়
তগৰ ফুলে শুৱাব
তগৰ ফুলে নুশুৱায়
কপৌ ফুলে শুৱাব
নাহৰ ফুলে নুশুৱায়
তগৰ ফুলে শুৱাব
তগৰ ফুলে নুশুৱায়
কপৌ ফুলে শুৱাব
নাহৰ ফুলে নুশুৱায়