Assamese Lyrics
Nuwari Nuwari (নোৱাৰি নোৱাৰি) Lyrics In Assamese | Tarun Tanmoy & Deeplina Deka
SONG: Nuwari Nuwari (নোৱাৰি নোৱাৰি)
SINGER: Tarun Tanmoy & Deeplina Deka

Nuwari Nuwari (নোৱাৰি নোৱাৰি) Lyrics In Assamese:—
নোৱাৰি নোৱাৰি থাকিব নোৱাৰি
পাহৰি পাহৰি তোমাকে পাহৰি
কি মৰম দিলা মোক কলিজা উজাৰি
আৱৰি আৱৰি ধৰিছে আৱৰি
বিয়পি বিয়পি পৰিছে বিয়পি
সাতুৰি ধৰিছো ভাৱনত ওপঙি
অ…. ইকাতি সিকাতি বাগৰে ৰাতি
শিতানৰ গাৰুৰে কথাকে পাতি
টোপনিৰ সলনি চকুতে তুমি
এপলো নোহোৱা দূৰণি
অ…..নোৱাৰি নোৱাৰি থাকিব নোৱাৰি
আৱৰি আৱৰি ধৰিছে আৱৰি
ওপচি পৰিছো মৰমতে আজি
অ…. কিনো পালে তোমাতে মোৰ দুচকুৱে
নোৱাৰা হ’ল থাকিবলৈ নেদেখাকে
কিনো আছে নাজানো মই মৰমতে
এই হাঁহো এই কান্দো আৱেগতে
ইকাতি সিকাতি বাগৰে ৰাতি
শিতানৰ গাৰুৰে কথাকে পাতি
টোপনিৰ সলনি চকুতে তুমি
এপলো নোহোৱা দূৰণি
নোৱাৰি নোৱাৰি থাকিব নোৱাৰি
আৱৰি আৱৰি ধৰিছে আৱৰি
ওপচি পৰিছো মৰমতে আজি
কিযে হ’ব ভয়ে লাগে ভাবিবলে
কেনেবাকৈ তুমি মই আমি নহ’লে
কান্দিবও নোৱাৰিম মই তেনেহলে
নিচুকাব কোনে মোক তুমি নহ’লে
ইকাতি সিকাতি বাগৰে ৰাতি
শিতানৰ গাৰুৰে কথাকে পাতি
টোপনিৰ সলনি চকুতে তুমি
এপলো নোহোৱা দূৰণি
নোৱাৰি নোৱাৰি থাকিব নোৱাৰি
পাহৰি পাহৰি তোমাকে পাহৰি
কি মৰম দিলা মোক কলিজা উজাৰি