Assamese Lyrics
Ahiba Buli Dolisa Pari Lyrics By Anupam Saikia
Song: Aahiba Buli Dolisa Pari (আহিবা বুলি দলিচা পাৰি)
Singer: Anupam Saikia
![]() |
| Aahiba Buli Dolisa Pari Lyrics |
Ahiba Buli Dolisa Pari Lyrics:–
আহিবা বুলি দলিচা পাৰি
মনৰ দুৱাৰো ৰাখিছোঁ খুলি
আহিবা বুলি দলিচা পাৰি
মনৰ দুৱাৰো ৰাখিছোঁ খুলি
তুমি বাৰু আহিবানে,
মনৰ কোঠালিত জিৰাবানে?
অনুভৱে ক’ব আহিলে
মন অনুপম দেহে-প্ৰাণে
আহিবা বুলি দলিচা পাৰি
মনৰ দুৱাৰো ৰাখিছোঁ খুলি
আহিবা বুলি দলিচা পাৰি
মনৰ দুৱাৰো ৰাখিছোঁ খুলি
তুমি কোৱা কথাবোৰ
বুকুৰ উমেৰে
সাঁচি থলোঁ কলিজাৰ
প্ৰতি কোঁহে কোঁহে
কিয় আজি কথাবোৰ
সুৰ হৈ নিগৰে…
প্ৰতিটো গীততে মোৰ
পাবা তোমাকে…
মন গ’লে শুনিবা
নিজানত অকলে
আহিবা বুলি দলিচা পাৰি
মনৰ দুৱাৰো ৰাখিছোঁ খুলি
আহিবা বুলি দলিচা পাৰি
মনৰ দুৱাৰো ৰাখিছোঁ খুলি
কবিতাৰে স্মৃতিবোৰ
সজালোঁ গীতৰে…
বৰষাৰে বোকাবোৰ
সিঁচিলোঁ সুৰেৰে…
জোনটি আদৰিলোঁ
এন্ধাৰ নিশাতে…
তৰালি জিলিকিলে
মন আকাশতে…
পুৱা দেখোঁ নিয়ৰৰ
পাপৰি ফুলৰে
আহিবা বুলি দলিচা পাৰি
মনৰ দুৱাৰো ৰাখিছোঁ খুলি
আহিবা বুলি দলিচা পাৰি
মনৰ দুৱাৰো ৰাখিছোঁ খুলি
তুমি বাৰু আহিবানে,
মনৰ কোঠালিত জিৰাবানে?
অনুভৱে ক’ব আহিলে
মন অনুপম দেহে-প্ৰাণে
আহিবা বুলি দলিচা পাৰি
মনৰ দুৱাৰো ৰাখিছোঁ খুলি
আহিবা বুলি দলিচা পাৰি
মনৰ দুৱাৰো ৰাখিছোঁ খুলি
