Bhupen Mamar Gite Mate Lyrics | Bhupen Hazarika

Song: Bhupen Mamar Gite Mate

Singer: Bhupen Hazarika

Bhupen Mamar Gite Mate Lyrics
Bhupen Mamar Gite Mate Lyrics

Bhupen Mamar Gite Mate Lyrics:--

অ হʼল অসমৰ প্ৰথম আখৰ
অসমৰ অকণি অসমতে ঘৰ।

আ-ই বোলে আহ্‌ আহ্‌ মটৰ গাড়ী
তোৰ পেটত উঠি মই যাওঁ নলবাৰী

হ্ৰস্ব-ইয়ে ভাল পায় ইলীহি মাছ
বিলাহী টেঙা খাই ঘূৰি ঘূৰি নাচ।

দীৰ্ঘ-ঈ-ৰ দেখোন টিকনি দীঘল ডাঙৰ
নেদেখা ঈশ্বৰৰ কʼত বা ঘৰ।

হ্ৰস্ব-উ-ৱে বোলে উলখিনিৰ কি ৰং ভাই
অʼ মা অʼ মা ছুৱেটাৰ নাই।

দীৰ্ঘ-ঊ-ক তেজপুৰলৈ মাতিছে ঊষাই
চিত্ৰলেখী নাচি আছে লিচু খাই খাই

ঋ-ৰ কথা নকʼবা বৰ হাঁহি উঠে
ঋষিয়ে বা চাইকেলত উঠে নে নুঠে?

এ-যায় নাজিৰালৈ এৰোপ্লেনত উঠি
ৰঙা নীলা বেলুনৰ কিমান ফূৰ্তি

ঐ নামৰ চৰায়ে ঐনিতম গায়
ৰৈ ৰৈ বান্দৰে গীটাৰ বজায়

ও থাকে ওৰাঙৰ ওচৰে ওচৰে
ওখ ওখ গছৰ পৰা ৰসগোল্লা সৰে।

ঔ-ৱে বোলে কণপিতৌ ভৰিত দুখ পালি
ঔটেঙাৰ বল খেলি লেঙেৰা হলি।।

ক-ই বোলে কণবাপু কম কল খাবি
কল খাই বাকলিটো বাদুলিক দিবি

খ-ই কয় খগেনটো ইমান খকুৱা
খাই খাই খাই হʼব পেটুৱা।

গ-হʼল গৰখীয়া গৰু চৰায়
গধূলি গান গাই বগৰি চোবায়।

ঘ-ই কয় ঘৰটোত ঘড়ী এটা আছে
পিছে, ভিতৰত এন্দুৰ এটাই বিহু নাচ নাচে।

ঙ-ই কয় ডাঙৰীয়া খংটো কমাওক
বেঙৰ পোৱালিক বেঙেনা খুৱাওক।

চ-ই বোলে চৰ খাই বাঘটো পলাল
হাফপেণ্ট খুলি গৈ টিকাটো ওলাল।

ছ-ই কয় ছাগলীয়ে কি যে নাখায়
ছজনী ছোৱালীয়ে জিলাপী খুৱায়।

জ-ই বোলে জয় আই অসম জয়
অসমৰ জয় হʼলে ভাৰতৰো জয়।

ঝ-ই বোলে ঝন্‌ ঝন্‌ তৰোৱাল এৰি
ঝক্‌ ঝক্‌ চলাওঁ সৰু ৰেল গাড়ী।

ঞ-ই কয় বৰ ভাল ওচমান মিঞা
আমাকো তিয়ঁহৰ কলি এটা দিয়া।

ট-হʼল তগৰ ইমান ধুনীয়া
কেৰ্কেটুৱাই তাতে উঠি পিন্ধিছে জাঙিয়া।

ঠ-ই বোলে জেঠীটোৰ ঠিকনাটো কি?
ঠিক্‌ ঠিক্‌ ঠিক্‌ বুলি কিয় মাতে সি।

ড-হেনো ডালিম গছ বতাহত হালে,
পকি থকা ডালিম এটা ডালিমীয়ে খালে।

ঢ-পৰে ঢলি ঢলি মিছাকৈয়ে ভাই
ভণ্টিয়ে পানী ঢালে জোকাই জোকাই।

ণ-টোৰ বৰ ভেম, কাৰণ একো নাই
ৰণ কৰি কৰি সি সময় কটায়।

ত-যায় তলে তলে তলাতল ঘৰ।
অʼ তপন আহচোন লেমটো ধৰ।

থ থ থৈ দে তোৰ বাহাদুৰি
লুইতখন পাৰ হচোন সাঁতুৰি সাঁতুৰি।

দ-ই বোলে দমৰাই অমৰা খায়
দেৱেন দমৰাক আখৰ শিকায়।

ধ-ই বোলে ধনী মানুহ ধনৰ বলিয়া
ধাননিত কান্দিছে দুখীয়া কেঁচুৱা।

ন-ই কয় নয়না আহ্‌চোন বাৰু
নাৰিকল লাডু দিওঁ আৰু দিওঁ খাৰু।

প-হʼল পগলা পিং পং খেলে
পেঙত উঠি নাচি যায় বলটোৰ ফালে।

ফ-ই কয় ফণীমামা থিয়েটাৰ কৰ
মানুহ একেজাতি চিৰাজৰ ঘৰ।

ব-ই ব্ৰজনাথ শৰ্মাই বোলে
ইংৰাজী খেদিছিল যাত্ৰাৰ বলে।

ভ-ই বোলে ভালকৈ গা ভূপেন মামা
ভাল গান নালাগে নকৰোঁ যে ক্ষমা।

ম-ই বোলে মুছলমান হিন্দুও একে
গান্ধীয়ে কৈছিল বাৰে বাৰে তাকে।

য-ই কয় যঁতৰত সূতা কাটি যাওঁক
দুখীয়া মানুহেও চোলা এটা পাওঁক

ৰ-ই বোলে ৰঙা ৰং কিনিবা নো কোনে?
মোনা ভৰাই আনিছোঁ কিনা মোনে মোনে।

ল-ই হʼল লাও আৰু বেঙেনা খা
বছৰে বছৰে বাঢ়ি বাঢ়ি যা।

ৱ-ই হʼল শেৱালি ইমান ফুলিছে
বুজিছোঁ পূজা আহিছে।

শ-হʼল শাক আৰু পাচলিৰ বাৰী
ভণ্টিয়ে খন্তিৰে থাকে খুচৰি।

ষ-হʼল ষাঁড় গৰু খঙত বহি লʼলে
আঁতৰাব নোৱাৰাঁ পুলিচ নহʼলে।

স-ই কয় সৰু সৰু তিলাপিঠা ভাজোঁ
ওচৰতে ঘৰ এটা মিঠাইৰে সাজোঁ।

হ-ই বোলে হয় হয়, নহয় নকওঁ
আমাৰ ঘৰ হʼল হয়বৰ গাওঁ।

ক্ষ-ই বোলে লক্ষ্য তেজপুৰ মোৰ
জ্যোতি বিষ্ণুৰ গীতে-মাতে ভৰপূৰ।

ড়-ই কʼলে গঁড়টোৱে বেঁকাকৈ চালে
কাজিৰঙা নচলে গঁড় নহʼলে।

ঢ়-হʼল বাঢ়নী চোতাল সাৰোঁ
জাবৰ সাৰি লৈ শেৱালি এৰোঁ।

য়-ই কয় কি যে দাম এই সময়ৰ
বৰ বেগে গুচি যায় সময়ৰ শৰ।

ৎ-হʼল হঠাৎ ৰৈ গʼল ৰেল
লʼৰাহঁতে পাৰিছে পকা পকা বেল।

ং-থাকে কলঙৰ দলং তলত
জুৰমনে জপংকৈ ধৰিলে জালত

ঃ অঃ অঃ নেকান্দিবি ৰঃ
আকৰাৰ চকলেট খাই খাই লঃ

ঁ-চন্দ্ৰবিন্দুটো থাকে আকাশৰ গাত
তৰাটো উমলিছে জোনৰ কোলাত।

০-শূন্য হʼল ৰসগোল্লা গোল গোল ভাই
শূন্যৰ দৰে বলী আৰু একো নাই।

১- এক মানে মোৰ মা এজনী মা
যাৰ দৰে ভাল মা আৰু নাই যা।

২-দুই মানে মোৰ মাথোঁ দুখন ভৰি
বাইদেৱে পিন্ধালে মোজা এযুবি।

৩-তিনি মানে মই আৰু মা-দেউতা
এই তিনিজনে মিলি পঢ়োঁ নেওতা।

৪-চাৰি হʼল চাৰিটা দুষ্ট কুকুৰ
চাৰিটাই নাচিছে বজাই নেপুৰ।

৫-পাঁচ মানে ৰাজা, হিয়া, আৰা, টট, মা,
পাঁচটা সন্দেশ পাঁচজনে খা।

৬-ছয়ে কয় ছয়টা ভাটৌৱে নাচে
মেকুৰীয়ে তাকে দেখি গীত গাইছে।

৭-সাত মানে ৰামধেনুৰ সাতোটা ৰং
সাজোটা শিয়ালৰ উঠিছে খং।

৮-আঠ মানে আঠটা কুকুৰা পোৱালি
মৰমতে সাবটিলে আজলী ছোৱালী।

৯-ন মানে এক দুই তিনি চাৰি পাঁচ ছয় সাত আঠ আৰু নটা মাছ।
১০-দহ মানে এক দুই তিনি চাৰি পাঁচ ছয় সাত আঠ ন দহখন বাছ।

Post a Comment

Previous Post Next Post

Contact Form