Assamese Lyrics
Ei Prithibi Ek Lyrics | Bhupen Hazarika
Song: Ei Prithibi Ek (এই পৃথিৱী এক)
Singer: Bhupen Hazarika
![]() |
| Ei Prithibi Ek Lyrics |
Ei Prithibi Ek Lyrics:–
এই পৃথিৱী এক ক্ৰীড়াঙ্গন
ক্ৰীড়া হʼল শান্তিৰ প্ৰাঙ্গণ।
এই পৃথিৱী এক ক্ৰীড়াঙ্গন, ক্ৰীড়াঙ্গন
যৌৱন যʼত আজি জ্যোৰ্তিম্ময়
অসুস্থ এলাহক এফলীয়া কৰি (যʼত)
জীৱনৰ গতি হয় কৰ্মময়, কৰ্ম্মময়।
বিচ্চিন্নতাৰ নীতি নালাগে
কাম্য সমন্বয়
ক্ৰীড়াবিদে নেজানে একতা বিনে
একতাৰ ধিয়ানতে তন্ময়।
ক্ৰীড়া মাথোঁ খেল-ধেমালি নহয়
নহয় মাথোঁ প্ৰতিযোগিতা
(এক) সুন্দৰ সবল জাতি গঠনত
ক্ৰীড়াই কৰে সহযোগিতা।
চৌদিশে যত ভঙোনৰ চিন্তা
মূল্যবোধৰ অৱক্ষয়
নিয়মানুৱৰ্তী ক্ৰীড়াবিদে কৰে
অনন্ত জ্যোতিৰে অক্ষয়।
