Guwahatir Kunuba Eti Mitha Lyrics | Bhupen Hazarika

Published on March 10, 2020

Song: Guwahatir Kunuba Eti Mitha (গুৱাহাটীৰ কোনোবা এটি মিঠা)

Singer: Bhupen Hazarika

Guwahatir Kunuba Eti Mitha Lyrics
Guwahatir Kunuba Eti Mitha Lyrics

Guwahatir Kunuba Eti Mitha Lyrics:—

গুৱাহাটীৰ কোনোবা এটি মিঠা গধূলিৰ কথা
শুনাইছিলাঁ গণেশ গগৈৰ
প্ৰেমৰ কবিতা
আজি মনত পৰেনে?

মোক আঁকোৱালি চাৱনি মিলাই
কৈছিলাঁ মধুৰ আৱেগেৰে
তোমাৰ প্ৰাণৰ পাপৰি ঢালি
সজাবা সয্যা দুয়োৰে।
আজি মনত পৰেনে?

লুইত বাগৰি বাগৰি গʼল
ভৰলুমুখত গধূলি হʼল
অস্তাচলত দিগন্তত
প্ৰতিশ্ৰুতিও বিলীন হʼল।।
আজি মনত পৰেনে?