Assamese Lyrics
Hahiti Diyana Moroha Uthote Lyrics By Kavita Krishnamurthy
Song: Hahiti Diyana Moroha Uthote (হাঁহিটি দিয়ানা মৰহা ওঁঠতে)
Singer: Kavita Krishnamurthy
![]() |
| Hahiti Diyana Moroha Uthote Lyrics |
Hahiti Diyana Moroha Uthote Lyrics:—
(হাঁহিটি দিয়ানা মৰহা ওঁঠতে
আঁৱৰি লোৱানা সঁচা চেনেহতে
বলিছে মলয়া মতলীয়া
দলিছে হিয়াৰ ফুলনি
কৰিছে কিহেনো
অ’ চঞ্চলা
অনুৰাগ সানি সানি) ×২
সানি সানি…
লহৰে লহৰে ভাহি
দুটি মন সুৰীয়া
অনুৰাগে গাই যাব
সোণালী দিনৰ গান
সুখে-দুখে হৈ ৰ’বা
জীৱনৰে লগৰী
চকুলো মুকুতা হৈ
নুচুৱাব এই প্ৰাণ
আজি উন্মনা অধৰতে মোৰ
নুবুজা কিহৰ কঁপনি
কঁপনি কঁপনি
হাঁহিটি দিয়ানা মৰহা ওঁঠতে
আঁৱৰি লোৱানা সঁচা চেনেহতে
(নীল আকাশে কথা ক’ব
দিব যে উদাৰ মন
জোনাকৰ মিতালীৰে
জিলিকিব যৌৱন) ×২
তৃষ্ণাভৰা তোমাৰ মনটি
খুলানা পিৰীতি খনি
খনি খনি…
হাঁহিটি দিয়ানা মৰহা ওঁঠতে
আঁৱৰি লোৱানা সঁচা চেনেহতে
বলিছে মলয়া মতলীয়া
দলিছে হিয়াৰ ফুলনি
কৰিছে কিহেনো
অ’ চঞ্চলা
অনুৰাগ সানি সানি
সানি সানি
হাঁহিটি দিয়ানা মৰহা ওঁঠতে
আঁৱৰি লোৱানা সঁচা চেনেহতে ৷
