Assamese Lyrics
Janilu Janilu Je Moi Lyrics | Zubeen Garg
Song: Janilu Janilu Je Moi (জানিলো জানিলো যে মই)
Singer: Zubeen Garg
![]() |
| Janilu Janilu Je Moi Lyrics |
Janilu Janilu Je Moi Lyrics:—
জানিলো জানিলো যে মই
তুমি একো নোকোৱাকে
জানিলো জানিলো যে মই
তুমি একো নোকোৱাকে
কি আছিলে লুকাই
তোমাৰ হিয়াৰ মাজত
অ কি আছিলে লুকাই
তোমাৰ হিয়াৰ মাজত
গোপনে গোপনে
তুমিয়ো যে বিচাৰা মোক
নক’লেও বুজি পাওঁ
কি বুজাব খুজিছা মোক
পালো বিচাৰি মই তোমাক
থলো সাৱতি মোৰ হিয়াত
কিমান আৰু মনৰ কথা
ৰাখিম বুকুত সামৰি
মইয়ে তোমাৰ হিয়াৰ লগৰি
পোৱা নাই জানো চিনি
কি ভাৱনাক কিনো সপোন
দিলা আহি জগাই তুমি
ক’তো নাপাও বিচাৰি সুখ
উৰনীয়া মোৰ মন আজি
পালো বিচাৰি মই তোমাক
থলো সাৱতি মোৰ হিয়াত
নাযায় নাজায় লাগে সময়
তুমি কাষত নহ’লে
খোজে খোজে এতিয়া মই
বিচাৰো তোমাক কাষতে
এই সময় থমকি ৰওঁক
ইয়াতেই যেন সদায়
থাকা ৰৈ কাষতে মোৰ
মৰমৰ সুবাস বিলাই
জানিলো জানিলো যে মই
তুমি একো নোকোৱাকে
জানিলো জানিলো যে মই
তুমি একো নোকোৱাকে
কি আছিলে লুকাই
তোমাৰ হিয়াৰ মাজত
অ কি আছিলে লুকাই
তোমাৰ হিয়াৰ মাজত
গোপনে গোপনে
তুমিয়ো যে বিচাৰা মোক
নক’লেও বুজি পাওঁ
কি বুজাব খুজিছা মোক
পালো বিচাৰি মই তোমাক
থলো সাৱতি মোৰ হিয়াত
