Assamese Lyrics
Jibon Xindhu Bohu Bindure Hoi Lyrics | Bhupen Hazarika
Song: Jibon Xindhu Bohu Bindure Hoi (জীৱন-সিন্ধু বহু বিন্দুৰে হয়)
Singer: Bhupen Hazarika
![]() |
| Jibon Xindhu Bohu Bindure Hoi Lyrics |
Jibon Xindhu Bohu Bindure Hoi Lyrics:—
জীৱন-সিন্ধু বহু বিন্দুৰে হয়
যদি কৰ্মেৰে হয় বিন্দু পূৰ্ণ।
অলস চিন্তা অগভীৰ আঁচনিয়ে
জয়ৰ বাসনা কৰে চূৰ্ণ।।
অসমবাসী এমুঠি মানুহ
তাতে যদি হয় নানান প্ৰভেদ
সামূহিক মংগল হয় মষিমূৰ
উমি উমি থাকে যদি
ক্ৰোধ আৰু জেদ,
সকলোৱে শান্তিৰে কৰাঁ আলচ
ৰিক্ত মনক কৰাঁ পূৰ্ণ।।
সমাজক এৰি কোনো বাদ নহয়
সমাজবাদ আজিৰে লক্ষ্য
জীৱনবোধহীন ব্যক্তিৰ বাবে
পৰিধি মাথোঁ হয় নিজ কক্ষ
স্বাৰ্থপৰ যান্ত্ৰিক দৃষ্টিয়ে
শাসনক কৰে সংকীৰ্ণ।।
মহাভাৰতৰ মহা অংগ অসম
সৱাৰে অৱহেলা নেওচিব লাগে,
লুভীয়া নৱ উপনিৱেশবাদীৰ
শোষণৰ বিপৰীতে হেজাৰে জাগে
শোষিতই সাহসৰ মন্ত্ৰৰে কৰে
শোষকৰ বক্ষ বিদীৰ্ণ।।
